মুখ্য-পৃষ্ঠা

৯৭ বছৰত বয়সতো দুৰন্ত মনঃ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈ গাঁওপ্ৰধান হিচাপে নিৰ্বাচিত এইগৰাকী বৃদ্ধা…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমাজৰ হিতৰ বাবে কাম কৰাৰ সপোন সাৰ্থক হ'ল এগৰাকী ৯৭ বছৰীয়া বৃদ্ধাৰ। দুৰন্ত মনৰ এইগৰাকী বৃদ্ধাই শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈ গাঁও প্ৰধান হিচাপে নিৰ্বাচিত হৈছে। ৰাজস্থানৰ চিকৰ জিলাৰ নীম কা থানা উপ সংমণ্ডলৰ অন্তৰ্গত পুৰ্ণাবাস গাঁৱৰ গাঁওপ্ৰধানৰূপে গাঁওবাসীয়ে নিৰ্বাচিত কৰিছে বৃদ্ধাগৰাকীক।

পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা এইগৰাকী ৯৭ বছৰীয়া বৃদ্ধাৰ নাম হৈছে বিদ্যা দেৱী। গাঁওপ্ৰধান হিচাপে নিৰ্বাচিত হৈ আনন্দ ব্যক্ত কৰি আশা দেৱীয়ে কয় যে তেওঁৰ এই বয়সতো গাঁওবাসীয়ে যি আস্থা আৰু ভৰসা প্ৰদৰ্শন কৰিছে, সেয়া সদায় অক্ষুণ্ণ ৰখাৰ বাবে তেওঁ কাম কৰি যাব।

ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনত বিদ্যা দেৱীয়ে তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী আৰতী মীনাক ২০৭ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি গাঁওপ্ৰধান হিচাপে নিৰ্বাচিত হয়। বিদ্যা দেৱীয়ে লাভ কৰে ৮৪৩টা ভোট। উল্লেখ্য যে, পূৰ্ণাবাস গাঁও পঞ্চায়তত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৪,২০০ জন। ইয়াৰে ২,৮৫৬ জন ভোটাৰে পঞ্চায়ত নিৰ্বাচনত ভোট দান কৰিছিল। গাঁও পঞ্চায়তখনৰ পৰা মুঠ ১১ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। বিদ্যা দেৱীৰ স্বামীও পূৰ্বে একেৰাহে ২৫ বছৰ ধৰি গাঁওপ্ৰধান হিচাপে নিৰ্বাচিত হৈছিল।