মুখ্য-পৃষ্ঠা

এছ আই কেলেংকাৰীঃ গ্ৰেপ্তাৰৰ পাছত কেনেদৰে আছে কুমাৰ সঞ্জিত কৃষ্ণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ পিকে দত্ত, দিবন ডেকাৰ পাছতে শেহতীয়াকৈ তদন্তকাৰী সংস্থাৰ জালত পৰিল ৰাজ্য জোকাঁৰি যোৱা এছ আই কেলংকাৰীৰ অন্য এগৰাকী মুখ্য অভিযুক্ত আৰক্ষী বিষয়া কুমাৰ সঞ্জীত কৃষ্ণ। প্ৰথমে আটক আৰু পিছত বৃহস্পতিবাৰে নিশাই চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াগৰাকীক।

গ্ৰেপ্তাৰৰ পাাছতে আৰক্ষী বিষয়া গৰাকীক গুৱাহাটী মহেন্দ্ৰমোহন চৌধুৰী হস্পাতালত স্বাস্থ্য পৰীক্ষা কৰে। উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰা বিষয়াগৰাকীক শুকুৰবাৰে হাজিৰ কৰা হব আদালতত।