মুখ্য-পৃষ্ঠা

নিৰ্য্যাতিতা কন্যা

asomiyapratidin

♦ ৰঞ্জিত নাথ

অট'খনৰ পৰা নামিয়ে নীহাৰিকা পদুলিৰ মেৱালী জোপালৈ চাই থমকি ৰ'ল। নেৱালীৰ সৌন্দৰ্য্যই নীহাৰিকাক থমকি ৰ'বলৈ বাধ্য কৰিলে। ইমান ধুনীয়াকৈ ফুলি আছে। এই নেৱালী সৰস্বতী পূজাৰ সময়ত ফুলে। বিয়াৰ পিছত এই প্ৰথমবাৰ মাকৰ ঘৰলৈ গৈছিল। আজি আহি পালে গিৰিয়েক নিখিলৰ ঘৰলৈ।

ইমান ভাল পাই নেৱালি ফুল। অট'ৰ পৰা নামিয়ে মনতে ভাবি আহিছে এইবাৰ সৰস্বতী পূজাত কি পিন্ধিব! নিখিলক ছাৰপ্ৰাইজ দিব বুলিয়ে নিশব্দে ভিতৰলৈ আগবাঢ়িল। এই সময়ত নিখিলে কামৰ পৰা আহি চাহ খায়। নীহাৰিকা ভিতৰৰ কোঠালৈ আগবাঢ়িল। সিহঁতৰ বেডৰূমৰ পৰ্দাখন আতঁৰাই বাকৰুদ্ধ হৈ ৰ'ল, কি দেখিছে এইবোৰ। চিঞৰি মাটিত ঢলি পৰিল নীহাৰিকা।

ঘপহকৈ সাৰ পাই নীহাৰিকা বিছনাখনত বহি পৰিল। কিমান সময় হৈছে ঠিক অনুমান কৰিব পৰা নাই। কুৎসিত দৃশ্যবোৰ মনলৈ আহিলেই তাইৰ অন্তৰখন কঁপি উঠে। দেখদেখকৈ ইমান প্ৰৱঞ্চনা। আত্মহত্যা কৰিবলৈ মন গৈছিল নীহাৰিকাৰ। বিশ্বাস হৃদয়ৰ মাজত লুকাই থোৱা বস্তু নহয় যে ইচ্ছা কৰিলেই উলিয়াই আনি য'তে-ত'তে থব পাৰি।

নিখিলক বহুত বিশ্বাস কৰিছিল নীহাৰিকাই। পিছে পৰিণতি কি হ'ল তাৰ প্ৰমাণ স্পষ্টকৈ পালে। নিষ্ফল আক্ৰোশত নীহাৰিকাই পানীৰ পৰা তুলি অনা এটা জীয়া মাছৰ দৰে ছটফটাই আছিল। একোতে মন নবহা হ'ল, একো ভাল নলগা হ'ল। শাহুৱেকৰ মুখতো এষাৰ মিঠা মাতৰ অভাৱ। সকলো কথাতে ইতিকিং। যেন আগৰ জনমৰ ধাৰহে পৰিশোধ কৰি আছে।

নিজৰ মানুহজনৰ পৰা আশা কৰে অলপ মৰম পাবলৈ, কিন্তু তাৰ কোনো উম-ঘামেই নাই। প্ৰতিদিনে সুৰাত মচগুল। বিয়াৰ আগত মিঠা মিঠা কথাত ভোল গৈ বিবাহৰ মালাধাৰি পিন্ধি বহুত ভুল কৰিল। পূৰ্বৰ কোনো জনমৰ পাপৰ ফলহে যেন ভোগ কৰিছিল। কিন্তু মনত সাঁচি ৰখা মানুহজন হয় নে নহয় তাক লৈয়ো সন্দেহ ওপজে।

বিয়াৰ এমাহ পিছতে প্ৰতিদিনে মানসিক অত্যাচাৰৰ বলি হ'ব লগা হৈছে। তাৰ মাজতে, আজি দেখা পালে নিখিলৰ জঘন্য ৰূপ। এটা নৰখাদক। কথাবোৰ সকলোকে চিঞৰি চিঞৰি ক'বলৈ মন যায়। সৰুতেই মাকক হেৰুৱাই ভাবিছিল যে বিয়াৰ পিছত শাহুৱেকৰ পৰা মৰম অকণ পাব। সেয়াও আশা হৈয়ে ৰ'ল।

নীহাৰিকাই ছিলিঙত ঘূৰি থকা ফেনখনলৈ চাই কথাবোৰ ভাবি আছিল। তেনেতে নিখিল কোঠাটোলৈ সোমাই আহি নীহাৰিকাৰ কাষতে বহি মৰমৰে ক'লে, 'মোক ক্ষমা কৰিবা নীহাৰিকা। ক'ৰ পৰা কেনেকে এই কাণ্ডবোৰ হ'ল ক'বই নোৱাৰিলো। এনে ভুল আৰু কেতিয়াও নহয়।' ৰাতিপুৱা নিচা কমিলে এনেদৰে সদায়েই ক্ষমা খোজে, ৰাতি হ'লে আকৌ আৰম্ভ হয় সুৰাৰ তাণ্ডৱলীলা।

: নিখিল মোক যদি অন্য পুৰুষৰ লগত এনেদৰে দেখিলাহেতেন তেন্তে তুমি সহ্য কৰিব পাৰিলাহেতেন নে? মোৰ এনে কি নাই যে অইনৰ বাহু বন্ধনত সোমাই পৰিলা? মোৰ কথাৰ উত্তৰ দিয়া নিখিল।- নীহাৰিকাৰ কথা শুনি হতাশ হৈ পৰিছিল নিখিল। উত্তৰ দিবলৈকো একো নাছিল নিখিলৰ হাতত।

নীহাৰিকাই নিখিলক চুলিৰ মাজত হাত বুলাই বুকুৰ মাজত তানি আনিলে। তাইৰ কোমল বুকুত মুখখন গুজি নিখিল উচুপি উঠিছিল। তুমি কিয় এনে কৰিলা নিখিল? মই কিন্তু কেতিয়াবা তোমাক এৰি গুচি যামগৈ অন্য পৃথিৱীলৈ।

: এনেকৈ নক'বা নীহাৰিকা। এনেবোৰ ঘটনা কোনো অনিৰ্বচনীয় অনুভূতিত সাঙোৰ খাই পৰা এক দুৰ্ঘটনা। সেই কুৎসিত দৃশ্যবোৰ পাহৰি যোৱা।উচুপি উচুপি ক'লে নিখিলে। সেই কথা শুনি বহু সময় মৌন হৈ পৰিল নীহাৰিকা।

: আমাৰ বিয়াৰ এমাহ পাৰ হৈছেহে মাথো। মোৰ ক'ত কি ভুল হৈছিল যে তোমালোকে মোক এনেদৰে মানসিকভাৱে আঘাত দিছা। কি দৰে আস্থা ৰাখিম তোমাৰ ওপৰত। কেনেদৰে থান-থিত লগাম ভাঙি যোৱা বিশ্বাসবোৰ। ক'ত হেৰাই গ'ল তোমাৰ সেই মৰমবোৰ।-নম্ৰ স্বভাবৰ নীহাৰিকা উগ্ৰ হৈ পৰিছিল আৰু দুহাতৰে মুখ ঢাকি চিঞৰি চিঞৰি কান্দছিল।

নিখিলে সান্ত্বনা দিবলৈ এৰি খং-ভাবুকি দি আতৰি গ'ল। নিখিল আৰু নীহাৰিকাৰ সম্পৰ্কত বাব ল'লে প্ৰচণ্ড অবিশ্বাস আৰু সংশয়ৰ ব্যৱধানে। ফুলৰ দৰে ধুনীয়া খৰস্ৰোতা নদীৰ দৰে উগ্ৰ যেন লগা নীহাৰিকাৰ মুখত ফুটি উঠিছিল সুতীব্ৰ বিষাদৰ বেদনা। কান্দি কান্দি নীহাৰিকাৰ চকুৰ গুৰি ক'লা পৰিছিল।

হতাশাৰ ছাঁটোৱে আগুৰি ধৰিছিল তাইক। ৰাতি বহল বিচনাখনৰ এচুকত নিস্তেজ হৈ পৰি থাকে নীহাৰিকা। তাইৰ নিজকে এজোপা মৰহি যোৱা গছ যেন লাগে। এটা সময়ত ডাল-পাত, ফল-ফুলে আৱৰি আছিল আৰু সেউজীয়া পাতবোৰে বিশুদ্ধ বতাহ, ফুলবোৰে সুগন্ধি সুবাস বিলাইছিল।এতিয়া মৰহি গৈ কাঠফুলাই ধৰিছে।

: নীহাৰিকা… নীহাৰিকা… তুমি কি কৰিলা? মোক কিয় এৰি গ'লা? চিঞৰি চিঞৰি নিখিলৰ কন্ঠৰে মাত নোলোৱা হ'ল। নীহাৰিকা কিয় এনে কৰিলা? মোক ক্ষমা কৰা নীহাৰিকা।- কঁপা কঁপা মাতৰে নিখিলে নীহাৰিকাৰ মৃতদেহটো সাৱতি ধৰিছিল। বাহিৰত তেতিয়া শুনা গৈছিল আৰক্ষীৰ জীপৰ শব্দ।

⇒ চুটি গল্প প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ হ'লঃ

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।

২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।

৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।

৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।

৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।

৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।

৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।

৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।

১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।

১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।

১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।

১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।

১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।

১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।

১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।