মুখ্য-পৃষ্ঠা

ভাৰতীয় নৌসেনাৰ প্ৰথমগৰাকী মহিলা পাইলট শিবাংগীক টুইটাৰযোগে শুভেচ্ছা জনালে শত্ৰুঘ্ন সিনহাই…

asomiyapratidin

ডিজিটেলডেস্কঃ বলিউডৰ জ্যেষ্ঠ অভিনেতা তথা ৰাজনৈতিক নেতা শত্ৰুঘ্ন সিনহাৰ এটাটুইট বাৰুকৈ ভাইৰেল হৈ পৰিছে। নৌসেনাৰ ছাব-লেফটেনেন্ট শিৱাংগীয়ে ৰচিছে এক ইতিহাস।তেওঁ হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা নৌসেনা পাইলট। দেশবাসীয়ে শিবাংগীক ইয়াৰ বাবেশুভেচ্ছা জ্ঞাপন কৰিছে। আৰু লগতে শত্ৰুঘ্ন সিনহায়ো টুইটাৰযোগে তেওঁক শুভেচ্ছাজনায়।

শত্ৰুঘ্ন সিনহাই টুইটত লিখিছে- 'চাব্বাছ শিবাংগী। প্ৰথমগৰাকী ভাৰতীয় মহিলা নৌসেনাৰ পাইলট হৈ তেওঁ এক ইতিহাস ৰচনা কৰিছে। তেওঁ ড'ৰ্ণিয়াৰ ছাৰ্ভেলিয়েন্স এয়াৰক্ৰাফ্ট উৰাব। আপোনাক ইয়াৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো।'

ইফালে, শিবাংগীৰ পিতৃ হৰিভূষণেসংবাদমাধ্যমৰ আগত কয় যে, 'আমি অতি পিছ পৰা অঞ্চলৰ। আজি আমাৰ কন্যাই আমাকগৌৰাৱান্বিত কৰিছে। মই ভাবো আমাৰ দেশৰ কন্যা সকলে যি কৰিব বিচাৰে তাৰ বাবে উৎসাহিতকৰিব লাগে।'