মুখ্য-পৃষ্ঠা

এপ্ৰিলত আহি আছে এটা নতুন ৰাজনৈতিক দল…

asomiyapratidin

ডিজিটেল ডেস্কঃ শীঘ্ৰেই দেশৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰিব এটা নতুন ৰাজনৈতিক দলে। এপ্ৰিলত নতুন ৰাজনৈতিক দল খুলিব দক্ষিণ ভাৰতৰ প্ৰখ্যাত অভিনেতা ৰজনীকান্তই। এপ্ৰিল মাহৰ ১৪ তাৰিখৰ পিছতেই দলটো খোলাৰ সম্ভাৱনা আছে যদিও বৰ্তমান লৈকে থিক হোৱা নাই দলটোৰ নাম।

তামিলনাডুৰ ৰাজনীতিবিদ তামিলাৰুভি মানিয়ানে নতুন দলটোৰ মুখ্য ৰণনীতি নিৰ্মাতা হ'ব বুলি ধাৰণা কৰা হৈছে। অভিনেতা ৰজনীকান্তৰ সৈতে নতুন দল খোলাৰ ক্ষেত্ৰত লগ হোৱাৰ বাবেও ইতিমধ্যে আন বহু দলৰ সৈতে আলোচনা হৈছে। এইক্ষেত্ৰত বিশেষকৈ আলোচনা কৰা হৈছে পিএমকেৰ সৈতে।

বিজেপিৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি চলা অভিনেতাগৰাকীক এইক্ষেত্ৰত বিজেপিয়েও সহায় কৰাৰ সম্ভাৱনাই প্ৰৱল। ইতিমধ্যে নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰাও দেখা গৈছে অভিনেতাগৰাকীক। তেওঁ আইনখন মুছলমানৰ বাবে ভয়ৰ কাৰণ হ'ব নোৱাৰে কিছুদিন পূৰ্বে মন্তব্যও কৰিছিল।