মুখ্য-পৃষ্ঠা

বিদ্রোহীৰ বাবে শিৱসেনাৰ দুৱাৰ খোলা আছে…

asomiyapratidin

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে প্ৰতিদিনাই নতুন মূৰ লৈছে। বিসম্বাদী শিৱসেনাৰ বিধায়কসকলে যিমান সহজে উদ্ধৱ থাকৰে পন্থীক পৰাভূত কৰিম বুলি ভাৱিছিল, পৰিস্থিতি কিন্তু সিমান সহজ হৈ থকা নাই। মহাৰাষ্ট্ৰৰ শিৱসেনা সমৰ্থকসকলৰ ৰুদ্ৰৰূপ আৰু শেহতীয়া ৰাজনৈতিক পৰিস্থিতিয়ে শিৱসেনাৰ বিসম্বাদী বিধায়কসকলক তীব্ৰ চিন্তাত পেলাইছে।

এই পৰিস্থিতিৰ মাজতে দেওবাৰে হোটেল ৰেডিশ্যন ব্লুত একনাথ সিন্দে গোটৰ সকলো বিধায়কৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকৰ মাজতে মহাৰাষ্ট্ৰত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে বিসম্বাদী গোটক বালাচাহেব থাকৰেৰ নাম নল'বলৈ আৰু তেওঁৰ নাম নুখুলিবলৈ সকিয়নী প্ৰদান কৰিছে। তেওঁ কয়- বালাচাহেবৰ অনুৰাগী আৰু শিৱসেনাৰ ভক্তসকলে কেতিয়াও পিঠিত চুৰি নামাৰে।

সঞ্জয় ৰাউটে লগতে কয়- বিসম্বাদীসকলক নিজৰ নিজৰ পিতৃৰ নামত দল খোলক। বিসম্বাদী বিধায়কসকললৈ ৰাউটে লগতে আহ্বান জনালে বিসম্বাদীসকলৰ হাতত এতিয়াও সময় আছে। বিদ্রোহীৰ বাবে শিৱসেনাৰ দুৱাৰ খোলা আছে। কিন্তু সময়ৰ মূল্য তেওঁলোকে বুজিব লাগিব।"