মুখ্য-পৃষ্ঠা

হোৱাটছএপ চাট ফাদিলঃ অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী শিৱসেনাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৫০০ পৃষ্ঠাজোৰা সাংবাদিক অৰ্ণৱ গোস্বামীৰ হোৱাটছএপ চাট ছ'চিয়েল মিডিয়াত ফাদিল হৈ পৰাৰ পাছতেই শিৱ সেনাই কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত আক্ৰমণৰ লক্ষ্য কৰি লৈছে। শিৱসেনাই এয়া দেশৰ আভ্যন্তৰীণ নিৰাপত্তা উলংঘন কৰা বুলি উল্লেখ কৰাৰ লগতে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে।

উল্লেখ্য যে, এই ফাদিল হোৱা হোৱাটছএপ চাটত দেখা পোৱা গৈছিল যে, অৰ্ণৱ গোস্বামী আৰু বাৰ্কৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ দাসগুপ্তাৰ সৈতে হোৱা কথা-বতৰাত ২০১৯ত পুলৱামাত সংঘটিত আক্ৰমণ বিষয়েও উল্লেখ কৰা আছে। সেই হোৱাটছএপ চাটত মোডী চৰকাৰে পাকিস্তানৰ বালাকোটত পুলৱামা আক্ৰমণৰ পাছতেই এয়াৰ ষ্ট্ৰাইক চলাব বুলি কোৱা হৈছিল। কিন্তু আচৰিত এয়াই যে, ২৬ ফেব্ৰুৱাৰী, ২০১৯ত ভাৰতীয় সেনা বাহিনীয়ে চলোৱা এয়াৰ ষ্ট্ৰাইকৰ ৩ দিন পূৰ্বেই এই কথা উল্লেখ কৰা হৈছিল এই হোৱাটছএপ চাটত।

দেশৰ কোনো উচ্চপদস্থ বিষয়া অথবা নিৰাপত্তাৰে কোনো ধৰণে জড়িত নথকাৰ পাছতো সাংবাদিক অৰ্ণৱ গোস্বামীয়ে এনে ধৰণৰ কথা কেনেকৈ জানিবলৈ পালে সেয়াহে এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আৰু দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ গোপনীয়তা উলংঘা কৰা বুলি অভিযোগ তুলিয়েই শিৱসেনাই সাংবাদিক গোস্বামীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।