মুখ্য-পৃষ্ঠা

ভগৱানক নহয়, এজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে এতিয়া পূজা কৰে মোডী-অমিত শ্বাহক!

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সংবিধানৰ ৩৭০ নম্বৰ ধাৰা প্ৰত্যাহাৰৰ পাছত বিজেপিৰ বিভিন্ন নেতা এতিয়া ব্যস্ত গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ গুণানুকীৰ্তনত। সোমবাৰে মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে সংবাদমাধ্যমৰ আগত মন্তব্য কৰে যে, 'মই বিগত কেইদিনমানৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পূজা কৰিছো। কিয়নো তেওঁলোকে আমাৰ দেশখন এক কৰিলে।'

সংবাদমাধ্যমৰ আগত তেওঁ কংগ্ৰেছক কটাক্ষ কৰি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক অপৰাধী বুলি কৰা মন্তব্য উঠাই নোলোৱাৰ কথাও সদৰি কৰে। তেওঁ কয়, 'মই যি কৈছিলো সেয়া সম্পূৰ্ণ তথ্যৰ আধাৰত কৈছিলো। জৱাহৰলাল নেহৰুৱে যি ভুল কৰিছিল সেই ভুল মোডী অমিত শ্বাহে শুধৰণি কৰে।' উল্লেখ্য যে, নেহৰুৰ ওপৰত কৰা মন্তব্যৰ বাবে শিৱৰাজ সিং চৌহানক ক্ষমা খোজাৰ দাবী কৰিছিল কংগ্ৰেছে।