মুখ্য-পৃষ্ঠা

কৃষক বিৰোধী আইনঃ বিজেপিৰে মিত্ৰতা ছেদ শিৰোমণি আকালী দলৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিজেপিৰ বাবে আন এক দুখবৰ। শিৰোমণি আকালী দলে মিত্ৰতা ছেদ কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে। উল্লেখ্য যে, শনিবাৰে অনুষ্ঠিত এক বৈঠকৰ অন্তত এই ঘোষণা কৰে দলটোৰ নেতৃত্বই। কৃষক বিৰোধী বিধেয়ক সদনত গৃহীত কৰাৰ পাছত দুয়োটা দলৰ মাজৰ সম্পৰ্ক অৱনতি ঘটিছে।

শিৰোমণি আকালী দলৰ সভাপিত সুখবীৰ সিং বাদলে দুয়োটা দলৰ মিত্ৰতা ছেদ হোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইফালে, সদনত গৃহীত কৰা কৃষক বিৰোধী আইনৰ বিৰুদ্ধে দেশৰ কৃষক ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ। আনহাতে, বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰি পূৰ্বৰ স্থিতিত থাকিব বুলিও ঘোষণা কৰে শিৰোমণি আকালী দলৰ নেতৃত্বই।