মুখ্য-পৃষ্ঠা

শ্বিনা বৰা হত্যাকাণ্ডঃ ইন্দ্ৰানী মুখাৰ্জীৰ জামিন নাকচ

asomiyapratidin

ডিজিটেল ডেস্কঃ পুনৰ নাকচ হৈছে শ্বিনা বৰা হত্যাকাণ্ড গোচৰৰ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীৰ জামিন আবেদন। কাৰাগাৰৰ ভিতৰত প্ৰাণৰ শংকাত ভুগিছে বুলি উল্লেখ কৰি জামিনৰ বাবে জনোৱা আবেদন নাকচ কৰিছে চিবিআইৰ বিশেষ আদালতে।

ইন্দ্ৰানীয়ে কাৰাগাৰৰ ভিতৰত প্ৰাণৰ শংকাত ভুগিছে বুলি কৰা অভিযোগকো ভিত্তিহীন আখ্যা দিয়ে বিশেষ আদালতে। ২০১৫ চনৰ আগষ্টৰ পৰা কাৰাবন্দী হৈ থকা ইন্দ্ৰানীয়ে কেবাটাও গোচৰৰ ৰাজসাক্ষী হোৱা বাবেই তেওঁক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি জামিনৰ বাবে আবেদন জনাইছিল।

এই অভিযোগৰ পিছতে ইন্দ্ৰানী কাৰাৰুদ্ধ হৈ থকা জেলৰ কোঠাত চিচিটিভিকে আদি কৰি বিশেষ সুৰক্ষা ব্যৱস্থাও প্ৰদান কৰিছিল কাৰাগাৰ কৰ্তৃপক্ষই। ইয়াৰ পিছত কাৰাগাৰত ইন্দ্ৰানীক হত্যাৰ চেষ্টা চলাব পাৰে বুলি ভবাতো হাস্যকৰ বুলি স্পষ্ট কৰি দিয়ে আদালতে।

উল্লেখ্য যে ২০১২ চনৰ এপ্ৰিলত পোহৰলৈ আহিছিল চাঞ্চল্যকৰ শ্বিনা বৰা হত্যাকাণ্ড। দেশ তোলপাৰ লগোৱা এই হত্যাকাণ্ডৰ গোচৰত ইন্দ্ৰানীৰ লগতে তেওঁৰ স্বামী পিটাৰ মুখাৰ্জী, প্ৰাক্তন স্বামী সঞ্জীৱ খান্নাও অভিযুক্ত হৈছিল।