মুখ্য-পৃষ্ঠা

দিল্লীত শতাব্দী এক্সপ্ৰেছে মহতিয়াই নিলে ২০টা কৈ গৰু

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰ-পশ্চিম দিল্লীত ৰেলৰ খুন্দাত মৃত্যুমুখত পৰিছে অতিকমেও ২০টাকৈ গো-ধন। তীব্ৰবেগী কালকা-শতাব্দী এক্সপ্ৰেছৰ খুন্দাত বৃহস্পতিবাৰে পুৱাৰ ভাগত এনেদৰে মৃত্যুমুখত পৰে গৰুকেইটা।

এই ঘটনাৰ পিছতে বহু সময় ধৰি অঞ্চলটোত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে। প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, হোলাম্বি কালান আৰু নাৰেলাৰ মাজত গৰুৰ জাক এটাই ৰেলপথ অতিক্ৰম কৰিবলৈ লওতেই ১২০০৫নং নতুন দিল্লী-কালকা শতাব্দী এক্সপ্ৰেছখনে গৰুৰ জাকটোক মহতিয়াই নিয়ে।

ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰেক পৰিষ্কাৰৰ বাবে ৰেল বিভাগে এটি দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰে। ৰেল বিভাগৰ এগৰাকী মুখপাত্ৰই কয় যে স্থানীয় লোকসকলৰ অৱহেলাৰ বাবেই এনে ঘটনা সংঘটিত হ'বলৈ পালে। এনে সময়ত ৰেল চালকে ইমাৰ্জেন্সি ব্ৰেক ব্যৱহাৰ কৰিলেও কোনো কামত নাহে বুলিও স্পষ্ট কৰি দিয়ে মুখপাত্ৰগৰাকীয়ে।

অনাগত দিনত যাতে এনে ঘটনা সংঘটিত হ'বলৈ নাপায় তাৰ বাবে স্থানীয় লোকসকলক সজাগ কৰা ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও  সদৰী কৰে মুখপাত্ৰগৰাকীয়ে। উল্লেখ্য যে উক্ত অঞ্চলটোত ইয়াৰ পূৰ্বে কেবাটাও এনেধৰণৰ ঘটনা সংঘটিত হৈছিল।