মুখ্য-পৃষ্ঠা

দিদি, ‘এন আৰ চি’ এৰক, নিজৰ পাঠ্যপুথিত মন দিয়ক!

asomiyapratidin

ডিজিটেল ডেস্কঃ অসম বিৰুদ্ধে কুটিল চক্ৰান্ত ৰচনা কৰাত ব্যস্ত মমতা বেনাৰ্জীৰ নেতৃত্বাধীন চৰকাৰে নিজ ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি প্ৰদৰ্শন কৰিলে চৰম দায়িত্বহীনতা। পশ্চিমবংগৰ বিদ্যালয়ৰ এখন পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হৈছিল ভাৰতৰ বিখ্যাত দৌৰবিদ মিলখা সিঙৰ জীৱন সংগ্ৰামৰ ওপৰত ভিত্তি কৰি 'ফ্লাইং শিখ' নামৰ এটা অধ্যায়।

কিন্তু এই অধ্যায়ত মিলখা সিঙৰ পৰিৱৰ্তে ছপা কৰা হ'ল বলিউদ অভিনেতা ফৰহান আখতাৰৰ প্ৰতিচ্ছবি। এই অদ্ভূত কাণ্ডৰ খবৰ পোৱাৰ পাছতে অভিনেতাজনে পশ্চিমবংগৰ শিক্ষা বিভাগক অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ বাবে টুইটাৰৰ জৰিয়তে অনুৰোধ জনায়। কিন্তু অতি নিৰ্লজ্জভাৱে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ এজন সাংসদে এই টুইটটোৰ উত্তৰত কয়- 'আপোনাৰ প্ৰতিক্ৰিয়াৰ বাবে ধন্যবাদ।'

বৰ্তমান মমতা চৰকাৰৰ এই দায়িত্বহীনতাক সকলোৱে গৰিহনা দিয়াৰ লগতে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ জীৱনক লৈ হেতালি নেখেলিবলৈ সকীয়াই দিছে ৰাজ্যৰ সচেতন মহলে।

উল্লেখযোগ্য যে, বলিউডত মিলখা সিঙৰ জীৱনভিত্তিত নিৰ্মাণ কৰা হৈছিল 'ভাগ মিলখা ভাগ' নামৰ বোলছবিখন। য'ত অভিনয় কৰিছিল অভিনেতা ফৰহান আখতাৰে। আৰু এই ছবিখনৰে এটা দৃশ্যৰ প্ৰতিচ্ছবি ছপালে পশ্চিমবংগৰ পাঠ্যপুথিত।