মুখ্য-পৃষ্ঠা

জুবিনৰ শেহতীয়া স্বাস্থ্যক লৈ পত্নী গৰিমাৰ ফেচবুক পোষ্টঃ বলিউদৰ শিল্পী ছানে ক’লে- মোৰ ভাতৃ সোনকালে সুস্থ হৈ উঠিব…VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমবাসীৰ আৰ্শীবাদত বৰ্তমান সুস্থ জুবিন। শুকুৰবাৰে নিশাই মহানগৰীৰ নেমকেয়াৰ হস্পাতালত ভৰ্তি কৰোৱা শিল্পীগৰাকীক কেইটামান দিনৰ জিৰণিৰ পৰামৰ্শ আগবঢ়াইছে চিকিৎসকে। নিশাৰে পৰা জুবিনৰ কাষত থকা পত্নী গৰিমা গাৰ্গে শেহতীয়াকৈ এক ফেচবুক পোষ্ট যোগে জুবিনৰ স্বাস্থ্যৰ সম্বন্ধে ৰাইজক অৱগত কৰে। ৰাইজক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয়-

'অসমবাসীৰ মৰম, প্ৰাৰ্থনা আৰু শুভকামনাৰ বাবে আমি চিৰকৃতজ্ঞ। এতিয়াও আই চি ইউৰ ভিতৰতে আছো। বহুতৰ কল আৰু মেছেজৰ উত্তৰ দিব পৰা নাই। সকলোৱে জুবিনৰ স্বাস্থ্যৰ বিষয়ে জানিব বিচাৰে, জুবিন এতিয়া সুস্থ। কিন্তু অনুৰোধ জনাইছো জুবিনৰ ফোনত যাতে কোনেও কল আৰু মেচেজ যাতে মেচেজ নকৰে। তেওঁক এতিয়া আৰামৰ প্ৰয়োজন। সকলোলৈ পুনৰ কৃতজ্ঞতা জনালো।'

ইফালে জুবিনৰ স্বাস্থ্যৰ অৱনতিৰ কথা খবৰ পাই বলিউদৰ জনপ্ৰিয় শিল্পী ছানেও টুইটাৰ যোগে আশু-আৰোগ্য কামনা কৰিছে। টুইটাৰ যোগে জুবিন গাৰ্গ সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰিলে ছানে। জুবিন গাৰ্গৰ নিজৰ ভাতৃ বুলিও সম্বোধন কৰিছে ছানে।

বৰ্তমান গুজৰাটতে থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুজৰাটৰ পৰাই জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল'লে। শুকুৰবাৰে নিশা মন্ত্ৰী নৱ দলে উপস্থিত হৈ জুবিনৰ স্বাস্থ্য বুজ লয়। শনিবাৰে পুৱাই জুবিনৰ খবৰ লবলৈ হস্পাতালত উপস্থিত হয় মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তুনু ভৰালী।