মুখ্য-পৃষ্ঠা

বায়ু সেনাৰ অভিযানৰ প্ৰমাণ বিচৰা বাবেই দলৰ পৰা পদত্যাগ কংগ্ৰেছ নেতাৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাই পাক অধিকৃত বালাকোটত চলোৱা আক্ৰমণৰ প্ৰমাণ বিচৰাক লৈ এইবাৰ কংগ্ৰেছৰ ভিতৰ চৰাতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। দলটোৰ এগৰাকী জ্যেষ্ঠ নেতা তথা বিহাৰ কংগ্ৰেছৰ প্ৰদেশ প্ৰবক্তা ডা০ বিনোদ শৰ্মাই কংগ্ৰেছে বায়ু সেনাৰ আক্ৰমণৰ প্ৰমাণ বিচৰাটো লজ্জাজনক বুলি মন্তব্য কৰি দল আৰু পদৰ পৰা পদত্যাগ কৰে।

ড০ শৰ্মাই দলৰ পৰা পদত্যাগ কৰাৰ পূৰ্বে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীলৈ এখন পত্ৰ প্ৰেৰণ কৰি লিখে- 'মই পূৰ্বেও আপোনালৈ পত্ৰ আৰু ই-মেইল প্ৰেৰণ কৰি দলৰ কাৰ্যকৰ্তা আৰু জনতাৰ আৱেগখিনি অৱগত কৰাৰ চেষ্টা কৰিছিলো। কিন্তু সেয়া আপুনি গুৰুত্ব নিদিলে। পুলৱামা আক্ৰমণক লৈ সমগ্ৰ দেশতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ক্ষোভিত হৈছে দেশবাসী। ইয়াৰ পিছতে ভাৰতীয় বায়ুসেনাই পাকিস্তানত প্ৰৱেশ কৰি বালাকোটৰ সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ শিৱিৰত আক্ৰমণ চলাই সাহসিকতাৰ কাম কৰে। য'ত কে'বা শতাধিক সন্ত্ৰাসবাদী নিহত হয়। আজি সমগ্ৰ দেশে সেনাৰ এই পৰাক্ৰম আৰু সৌৰ্য্যৰ বাবে গৌৰৱাম্বিত। কিন্তু কংগ্ৰেছ দলৰ দ্বাৰা এয়াৰ ষ্ট্ৰাইক আৰু সন্ত্ৰাসবাদী নিহত হোৱাৰ প্ৰমাণ বিচৰাটো এক লজ্জাজনক আৰু তৰল আচৰণ হিচাপে পৰিগণিত হৈছে।'

ডা০ বিনোদ শৰ্মাই পত্ৰত আৰু লিখিছে, 'যেতিয়া সেনাই নিক্ষেপ কৰা বোমাই ৭০ ফুট গভীৰ গাতৰ সৃষ্টি কৰাটো প্ৰমাণিত হয় আৰু সমীপৰ অঞ্চলসমূহ জুইত ভস্ম হয়, তেনে পৰিস্থিতি কোনো সন্ত্ৰাসবাদীৰ অস্তিত্ব থাকিব পাৰে নেকি? এনে সময়ত কংগ্ৰেছ নেতাসকলৰ মন্তব্যই সেনাৰ মনোবল হ্ৰাস কৰিছে আৰু সন্ত্ৰাসবাদী মনোবল বৃদ্ধি কৰা ধৰণৰ। আজি কংগ্ৰেছৰ জনতাক পাকিস্তানৰ এজেন্ট হিচাপতহে দেখা পোৱা গৈছে। এতিয়া নিজকে মোৰ কংগ্ৰেছী বুলি কবলৈ লাজ লাগে। মোৰ বাবে দেশ পাৰ্টীতকৈ বহু ওপৰত।'