মুখ্য-পৃষ্ঠা

আদৰ্শ গাঁও শুভাত চুলাই মদৰ ঘাটি উৎখাত তাৰাবাৰী আৰক্ষীৰ, প্ৰায় ৭০০ লিটাৰ চুলাই নষ্ট…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ সমগ্ৰ বিশ্বতে মাৰাত্মক কোৰোনা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ লগতে ৰাজ্যত চলি থকা লকডাউনৰ মাজতে আৰক্ষীয়ে চুলাইৰ বিৰুদ্ধে চলাইছে অভিযান।

লকডাউনৰ বাবে ৰাইজক সজাগতা সৃষ্টি কৰাৰ কৰ্তব্যত নিয়োজিত হৈ থকাৰ উপৰিও আৰক্ষীয়ে চলাইছে চুলাই বিৰোধী অভিযান। বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰ তথা তাৰাবাৰী আৰক্ষীৰ থানাৰ অন্তৰ্গত আদৰ্শ গাঁও হিচাপে স্বীকৃতি প্ৰাপ্ত শুভাত বুধবাৰে পাঁচটা পৰিয়ালত অভিযান চলাই চুলাই মদৰ ঘাটি উৎখাত কৰে তাৰাবাৰী আৰক্ষীয়ে।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত চলিছিল এই অভিযান । অভিযান কালত প্ৰায় সাত শ লিটাৰ চুলাই মদ ধ্বংস কৰাৰ লগতে উৎখাত কৰে চুলাই মদৰ ঘাটি।আৰক্ষীৰ উমান পাই অভিযান চলোৱা ঘৰৰ গৃহস্থবোৰ পলায়ন কৰে বুলি জানিব পৰা গৈছে ।

দীৰ্ঘদিন ধৰি এচাম অসাধু লোকে অবৈধ ভাৱে চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে আৰক্ষীৰ এই অভিযানক সচেতন মহলে প্ৰশংসা কৰে। চুলাই প্ৰস্তুত কৰি থকা সময়ত গোপন খবৰ ভিত্তিত তাৰাবাৰী আৰক্ষীয়ে চলাইছিল অভিযান ।