মুখ্য-পৃষ্ঠা

স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ জন জীৱনঃ শিক্ষানুষ্ঠান-ইন্টাৰনেট সেৱা মুকলি

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ উঠাই লোৱাৰ ৫ দিনৰ পিছত শনিবাৰে ৰাজ্যখনৰ জনজীৱন স্বাভাৱিক হোৱা পৰিলক্ষিত হয়। প্ৰশাসনে ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা ১৪৪ ধাৰা উঠাই লোৱাৰ পিছত শনিবাৰে বিদ্যালয়, মহাবিদ্যালয় সমূহত শিক্ষাদান পুনৰ আৰম্ভ কৰা হৈছে। অৱশ্যে কাশ্মীৰ ঘাটীত এতিয়াও ১৪৪ ধাৰা জাৰী হৈ আছে আৰু অঞ্চলটোত এতিয়াও কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। শুকুৰবাৰে এই কটকটীয়া নিৰাপত্তাৰ মাজেৰেই অঞ্চলটোত নাগৰিকসকলে জুম্মাৰ নামাজ আদায় কৰে। অন্যহাতে শনিবাৰৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ইন্টাৰনেট সেৱাও পুনৰ মুকলি কৰি দিয়া হয়।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা কৰ্তন কৰাৰ পিছতে ৰাজ্যখনত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ১৪৪ ধাৰা জাৰি কৰিছিল কেন্দ্ৰীয় প্ৰশাসনে। লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৪৫ হাজাৰ অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰি নিৰাপত্তা সুনিশ্চিত কৰিছিল। শুকুৰাবাৰে জুম্মাৰ নামাজ উপলক্ষ্যে ৰাজ্যখনৰ ঠায়ে ঠায়ে প্ৰশাসনে নৰম স্থিতি গ্ৰহণ কৰে। শুকুৰবাৰেই বহু ঠাইৰ পৰা ১৪৪ ধাৰা উঠাই লয় প্ৰশাসনে। অন্য অঞ্চল সমূহত কটকটীয়া নিৰাপত্তাৰ মাজতেই নামাজ আদায়ৰ ব্যৱস্থা কৰা হয়।