মুখ্য-পৃষ্ঠা

১৪ এপ্ৰিলৰ নিশা ৮ বজাৰ পৰা আগন্তুক ১৫ দিনলৈ মহাৰাষ্ট্ৰত ১৪৪ ধাৰা জাৰি…

asomiyapratidin

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত কোৰোনা ভাইৰাছৰ তীব্ৰগতিত বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ প্ৰতি দৃষ্টি ৰাখিয়েই ৰাজ্যখনৰ চৰকাৰে বুধবাৰৰ নিশা ৮ বজাৰ পৰা আগন্তুক ১৫দিনৰ বাবে ১৪৪ ধাৰা জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে ঘোষণা কৰে এই কথা।

পূৰ্বে সম্ভাৱনা ব্যক্তি কৰা হৈছিল যে, ৰাজ্যখনত ল'কডাউন ঘোষণা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। থাকৰেয়ে মহাৰাষ্ট্ৰৰ কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি ৰাজ্যবাসীক সম্বোধন কৰি কয়- 'পুনৰ যুদ্ধ আৰম্ভ হৈছে। নতুনকৈ কোৰোনাত আক্ৰান্তৰ সংখ্যা অতি তীব্ৰগতিত বৃদ্ধি পাবলৈ ধৰিছে।'

লগতে তেওঁ জনাই যে, যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত আকৌ ৬০ সহস্ৰাধিক লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে মৃত্যু হৈছে ২৮১জন লোকৰ। এয়া অতি বিপদজনক বুলিও কয় তেওঁ। ইফালে, ৰাজ্যখনৰ হাস্পতালৰ অক্সিজেন আৰু ভেকচিনৰ অভাৱ হোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী থাকৰেয়ে।