ডিজিটেল ডেস্কঃ তাজমহল, প্ৰেমৰ এক অনন্যা নিদৰ্শন। বিশ্বৰ অগণন লোকৰ আগমণ ঘটে তাজমহলৈ। সকলোৱে এবাৰ নিজ চকুৰে কাষৰ পৰা চাবলৈ বিচাৰে প্ৰেমৰ এই স্মৃতিসৌধ। আগ্ৰাত নিৰ্মাণ কৰা তাজমহল মোগল শাসক শ্বাহজাহানে তেওঁৰ বেগম মমতাজৰ বাবে নিৰ্মাণ কৰিছিল। বুৰহানপুৰৰ এটা প্ৰাসাদত চতুৰ্দশ প্ৰসৱৰ সময়ত মমতাজৰ মৃত্যু হৈছিল। বুৰহানপুৰৰ আহুখানাত মমতাজৰ নশ্বৰ দেহ ছয় মাহৰ বাবে সংৰক্ষণ কৰা হৈছিল। শ্বাহজাহানে প্ৰথমে বুৰহানপুৰৰ মাজেৰে যোৱা তাপ্তি নদীৰ পাৰত তাজমহল নিৰ্মাণ কৰিব বিচাৰিছিল, কিন্তু কিবা কাৰণত তেওঁ বুৰহানপুৰৰ সলনি আগ্ৰা স্থাপন কৰিছিল তাজহল।
এই তাজমহলক কেন্দ্ৰ কৰি অনেক কাহিনী, অনেক চৰ্চা। বহুতেই নিৰ্মাণ কৰিব বিচাৰে তাজমহলৰ দৰে স্মৃতিসৌধ। বিশ্বৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে তাজমহলৰ দৰে গৃহও নিৰ্মাণ কৰিছে। এইবাৰ এনে এক ঘটনাই সংঘটিত হ'ল মধ্যপ্ৰদেশত। মধ্যপ্ৰদেশৰ এগৰাকী স্কুল অপাৰেটৰে নিৰ্মাণ কৰি উলিয়ালে তাজমহলৰ দৰেই এটা ঘৰ।
আনন্দ প্ৰকাশ চোকছে নামৰ স্কুল অপাৰেটৰগৰাকীয়ে তেওঁৰ ঘৰটো তাজমহলৰ দৰে নিৰ্মাণ কৰিছে। ৩ বছৰ সময়লৈ নিৰ্মাণ কৰা এই তাজমহলৰ দৰে ঘৰটো তেওঁ নিজ পত্নী মঞ্জুছা চোকছেক উপহাৰ হিচাপে আগবঢ়াইছে। এই ঘৰটোত আছে ৪ টা শোৱা কোঠা। ইয়াৰে এটা ডাঙৰ হ'ল, ২টা শোৱা কোঠা তলত আৰু ২ টা শোৱা কোঠা ওপৰত আছে। ইয়াত আছে পাকঘৰ, পুথিভঁৰাল আৰু ধ্যান কোঠা।
আনন্দ প্ৰকাশে তাজমহলৰ দৰে নিৰ্মাণ কৰি পত্নীক উপহাৰ দিয়া এই ঘৰটোৱে মধ্যপ্ৰদেশৰ ভাৰতীয় নিৰ্মাণ আলট্ৰাট্ৰেক আউট ষ্টেণ্ডিং ষ্ট্ৰাকচাৰৰ বঁটা লাভ কৰিছে। আনন্দ প্ৰকাশ চোকছে বৰ্ণনা কৰিছে যে বুৰহানপুৰত তাজমহল কিয় নিৰ্মাণ কৰিব পৰা নগ'ল সেই বিষয়ে বৰ্ণনা কৰিবলৈ তেওঁৰ যথেষ্ট কষ্ট হৈছিল, সেয়েহে তেওঁ তেওঁৰ পত্নীক শ্বাহজাহানৰ দৰে তাজমহল উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছিল। এই ঘৰটো নিৰ্মাণ কৰাত বহুতো অসুবিধা হৈছিল। তেওঁ কোৱা মতে নিজৰ অটল বিশ্বাসৰ ফলত তাজমহলসদৃশ ঘৰ এটা নিৰ্মাণ কৰাত সফলতা লাভ কৰিছে।
আনন্দ প্ৰকাশে প্ৰথমে আগ্ৰালৈ গৈ তাজমহল পৰিদৰ্শন কৰি অভিযন্তাসকলক তেনেধৰণৰ এটা ঘৰ নিৰ্মাণ কৰিবলৈ কৈছিল। তাজমহল সদৃশ ঘৰটো নিৰ্মাণৰ আঁৰত থকা এগৰাকী অভিযন্তা প্ৰবীণ চোকছে এই বিষয়ত কৈছে যে,
তাজমহলৰ দৰে ঘৰ নিৰ্মাণ কৰা এটা কঠিন কাম আছিল। আনন্দ আৰু তেওঁৰ পত্নী তাজমহল চাবলৈ আগ্ৰালৈ গৈছিল। উভতি অহাৰ পিছত, তেওঁ অভিযন্তাসকলক তাজমহলৰ দৰে এটা ঘৰ নিৰ্মাণ কৰিবলৈ কৈছিল।