- চীনত সন্ত্ৰাস সৃষ্টি কৰা কোৰোনা ভাইৰাছে ইতিমধ্যে প্ৰৱেশ কৰিছে ভাৰতত।
- কেৰালাত পোৱা গৈছে এই ভাইৰাছত আক্ৰান্ত এজন লোকক।
- শেহতীয়াকৈ সকলো পৰীক্ষা-নিৰীক্ষাৰ অন্তত লোকজনৰ দেহত পোৱা গৈছে কোৰোনা ভাইৰাছৰ অৱস্থিতি।
- জানিব পৰা মতে, কিছুদিনৰ পূৰ্বে চীন ভ্ৰমণ কৰিছিল লোকজনে।
- বৰ্তমান কেৰালাৰ এখন চিকিৎসালয়ত আচুতীয়া কক্ষত ৰাখি চিকিৎসা চলাই আছে চিকিৎসকৰ দলে।
- উল্লেখ্য যে, ভাৰতত কোৰোনা ভাইৰাছৰ অৱস্থিতি কেৰালাৰ এজন ব্যক্তিৰ দেহতে প্ৰথমে ধৰা পৰিছিল।