মুখ্য-পৃষ্ঠা

কোৰোনা ভাইৰাছ বিয়পাৰ শংকাঃ ৱাখা- মেৰাপানী সংযোগী ঘাইপথ ছীল নাগালেণ্ড চৰকাৰৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ৱাখাঃ অসমৰ গোলাঘাট জিলাৰ মেৰাপানী ৪ গৰাকীকৈ লোক ক'ভিড -১৯ আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পোৱাৰ পিছত বৃহস্পতিবাৰে নাগালেণ্ড চৰকাৰে কঠোৰ জৰুৰী পদক্ষেপ গ্ৰহণ কৰি ৱাখা-মেৰাপানী ৰাষ্ট্ৰীয় ঘাই পথ সম্পূৰ্ণ অনিদিষ্ট কাললৈ ছীল কৰি দিয়ে ।

বৃহস্পতিবাৰে নাগালেণ্ড চৰকাৰে অসমৰ ভয়াৱহ পৰিস্থিতিয়ে নাগালেণ্ডলৈ বিপৰ্যয় মাতি আনিব নোৱাৰে তাৰে বাবে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । দুপৰীয়া ৱাখা জিলাৰ ভাণ্ডাৰী মহকুমাৰ প্ৰশাসনে গাঁওবুঢ়া , দুবাছী আৰু আৰক্ষীৰ দললৈ মেৰাপানী ফুটহিলছত মাইক যোগেদি গাঁওবাসীক কোৰোনা ভাইৰাছ আহি গাঁৱৰ পদূলিত থিয় পৰিপ্ৰেক্ষিতত এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ নাযাবলৈ আহবান জনায় ।

আনহাতে মেৰাপানী চহৰৰ পৰা ৱাখালৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে অনিদিষ্টকাললৈ ছীল কৰি দিয়ে । যিহেতু মেৰাপানী চহৰ নাগালেণ্ডৰ ভাণ্ডাৰী ফুটহিলছ গাঁৱ গাতে লাগি আছে । তদুপৰি ফুটহিলছ নগা গাঁওখনৰ পৰা মাত্ৰ এক কিলোমিটাৰ নাতি দূৰৈত থকা মেৰাপানী ইছলামপুৰ গাঁৱৰ প্ৰায়সকল লোক বেপাৰ বাণিজ্য বাবে নাগালেণ্ডৰ ভাণ্ডাৰী চহৰ আৰু ইয়াৰ আশে পাশে থকা নগা গাঁৱলৈ সঘনাই গৈ থকাৰ বাবে নাগালেণ্ড চৰকাৰ সম্প্ৰতি অত্যন্ত শংকিত হৈ পৰিছে ।

মেৰাপানী সমীপৰ সকলো নগা গাঁৱক অসমৰ বিশেষকৈ মেৰাপানীলোকৰ সৈতে যোগাযোগ আৰু যাতায়ত নকৰিবলৈ সৰ্তক কৰি দিছে । এই সময়চোৱাত কেৱল অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা গাড়ীহে প্ৰশাসনৰ অনুমতিত চলাচল কৰিব পাৰিব । ইফালে গোলাঘাট আৰু যোৰহাট জিলাৰ সীমান্তত থকা কুৰিখন নগা গাঁৱলৈ বাহিৰা কোনো লোককে প্ৰবেশ অনুমতি নিদি সম্পূৰ্ণ পথ বন্ধ কৰি দিছে ।