মুখ্য-পৃষ্ঠা

২০২০ত বজাৰলৈ নাহে কোৰোনা ভেকচিন!

asomiyapratidin

ডিজিটেল ডেস্কঃ ২০২০ত কোৰোনা ভেকচিন বজাৰলৈ অহাৰ সম্ভাৱনাক চেঁচাপানী পৰিল। শেহতীয়াকৈ দেশৰ কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়ে স্পষ্ট কৰি দিলে যে, ২০২১ত হে কোৰোনা ভেকচিন আহিব বজাৰলৈ। কিন্তু অতি লক্ষ্যণীয়ভাৱে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়ে এই বিষয়ৰ সন্দৰ্ভত প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তি পিছৰ সময়ত নিজৰ ৱেবচাইটৰ পৰা আতৰাই দিয়ে।

উল্লেখ্য যে, কেইটামান দিনৰ পূৰ্বে আই চি এম আৰে উল্লেখ কৰিছিল যে, চলিত বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত ভাৰতত উপলদ্ধ হ'ব কোৰোনাৰ ভেকচিন। কিন্তু ইয়াৰ পিছতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়ৰ প্ৰেছ বিজ্ঞপ্তি আৰু পিছৰ পৰ্যায়ত সেই বিজ্ঞপ্তি ডিলিট কৰি দিয়া কাৰ্যই সকলোকে এক প্ৰকাৰৰ বিবুধিত পেলাইছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়ে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত স্পষ্টভাৱে উল্লেখ আছিল যে, ২০২১ত হে কোৰোনা ভেকচিন আহিব বজাৰলৈ।