মুখ্য-পৃষ্ঠা

দেশৰ ১৩,৫০০খন গাঁৱত নাই এখনো বিদ্যালয়

asomiyapratidin

ডিজিটেল ডেস্কঃ সকলোৰে বাবে শিক্ষা এতিয়া এক মৌলিক অধিকাৰ। কিন্তু দেশৰ ১৩হাজাৰৰো অধিক গাঁৱত নাই এখনো বিদ্যালয়। এই তথ্য কেন্দ্ৰীয় চৰকাৰৰ । সমগ্ৰ দেশত ১৩,৫১১খন এনে গাঁও আছে, য'ত এখনো বিদ্যালয় নাই। সেই গাঁওবোৰৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ বাবে যাব লাগে কাষৰ গাঁৱৰ বিদ্যালয়লৈ।

কেন্দ্ৰীয় গ্ৰাম্যন্নয়ন মন্ত্ৰণালয়ে সদৰী কৰা মতে, সেই গাঁওবোৰত উপযুক্ত জনসংখ্যা বা ছাত্ৰ-ছাত্ৰী নথকাৰ বাবেই বিদ্যালয় স্থাপন কৰাতো সম্ভৱ হোৱা নাই। দেশৰ ভিতৰত মিজোৰামো এনে এখন ৰাজ্য, যিখন ৰাজ্যৰ প্ৰতিখন গাঁৱতেই আছে বিদ্যালয়।

দেশৰ অন্য প্ৰান্তৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰায় সংখ্যক গাঁৱতে আছে বিদ্যালয়। মেঘালয়ত মুঠ গাঁৱৰ ভিতৰত ৪১খন গাঁৱতহে নাই বিদ্যালয়। দেশৰ ভিতৰত উত্তৰ-প্ৰদেশত বিদ্যালয় নথকা গাঁৱৰ সংখ্যা সৰ্বাধিক । এই প্ৰতিবেদনত অৱশ্যে গোৱাৰ সন্দৰ্ভত কোনো তথ্য নাই।