মুখ্য-পৃষ্ঠা

মধ্যাহ্ন ভোজনৰ নামত নিমখৰ লগত শুকান ৰুটি খাইছে চৰকাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শাৰিৰীক বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা মধ্যাহ্ন ভোজন আঁচনি ক্ৰমাৎ ভেকোঁভাওনাত পৰিণত হৈছে। চৰকাৰে মধ্যাহ্ন ভোজনৰ খাদ্যৰ তালিকা প্ৰস্তুত কৰি দি সেই তালিকা অনুসৰি ছাত্ৰ-ছাত্ৰীক খাদ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিলেও পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত হ'বলগা হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল।

শেহতীয়াকৈ এখন বিদ্যালয়ক ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনত প্ৰদান কৰা আহাৰৰ এক ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে খোল খাইছে মধ্যহ্ন ভোজনত সংঘটিত ব্যাপক অনিয়মৰ ঘটনা। ভিডিঅ'টোত প্ৰত্যক্ষ কৰা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজনৰ নামত প্ৰদান কৰা হৈছে কেৱল একোখনকৈ ৰুটি আৰু নিমখ। স্কুলৰ বাৰান্দাত বহি সেয়াই খাব লগা হৈছে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে।

জানিব পৰা মতে মধ্যাহ্ন ভোজনৰ নামত এনে কাৰ্য সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ এখন চৰকাৰী বিদ্যালয়ত। উত্তৰ প্ৰদেশ চৰকাৰে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিবলগীয়া খাদ্যৰ তালিকাত ৰুটি, দালি, ভাত, তৰকাৰী আৰু সপ্তাহৰ কোনো কোনো বাৰত ফল-মূল থাকিলেও সেয়া প্ৰদান কৰা হোৱা নাই। তাৰ পৰিৱৰ্তে মাত্ৰ একোখনলৈ শুকান ৰুটি আৰু নিমখৰ সৈতে খাবলৈ দিয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলক। আনহাতে বিদ্যালয়খনলৈ ছাত্ৰ-ছাত্ৰীৰ বাবে অহা গাখীৰ, কল আদিবোৰ কেতিয়াও ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাই বুলিও অভিযোগ উঠিছে।

ইফালে এই ঘটনাৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে মিৰ্জাপুৰ প্ৰশাসনে সংঘটিত অনিয়মৰ তদন্তৰ নিৰ্দেশ দিয়ে। প্ৰাথমিক তদন্তত প্ৰশাসনে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু গাঁও পঞ্চায়তৰ চুপাৰভাইজাৰজনক তৎকালীনভাৱে নিলম্বন কৰে।