মুখ্য-পৃষ্ঠা

উচ্চতম ন্যায়ালয়ত লালু প্ৰসাদৰ জামিন আবেদনৰ শুনানি, চিবিআইৰ পৰা বিচাৰিলে উত্তৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ কোটি টকীয়া পশু খাদ্য কেলেংকাৰীত অভিযুক্ত কাৰাৱাস খাটি থকা ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ জামিন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে শুনানি গ্ৰহণ কৰে। শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে চিবিআইলৈ জাননি প্ৰেৰণ কৰি ২ সপ্তাহৰ ভিতৰত লালু প্ৰসাদৰ জামিন সন্দৰ্ভত উত্তৰ বিচাৰে।

ইয়াৰ পূৰ্বে লালু প্ৰসাদ যাদৱে জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত কৰা আবেদনত উল্লেখ কৰিছিল যে তেওঁ ইতিমধ্যে ৩টা গোচৰৰ বাবে কাৰাৱাস খাটিছে। এটা গোচৰৰ বাবে তেওঁ ২২ মাহ, এটাৰ বাবে ১৩ মাহ আৰু আনটোৰ বাবে ২১ মাহৰ কাৰাৱাস তেওঁ ইতিমধ্যে সম্পূৰ্ণ কৰিছে। বৰ্তমান
তেওঁ স্বাস্থ্য জনিত অসুস্থতাত ভূগি আছে, সেয়ে চিকিৎসাৰ বাবে তেওঁক জামিনৰ প্ৰয়োজন বুলিও আদালতক অৱগত কৰে লালু প্ৰসাদৰ অধিবক্তাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে লালু প্ৰসাদ যাদৱৰ জামিন আবেদন নাকচ কৰিছিল। তাৰ পিছতে লালুৱে ঝাৰখণ্ড উচ্চ ন্যায়ালৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনায়।