মুখ্য-পৃষ্ঠা

শত্ৰুঘ্ন সিনহাৰ কংগ্ৰেছত যোগদান, পিছে ‘কংগ্ৰেছ’ৰ পৰিৱৰ্তে মুখৰ পৰা ওলাল ‘বিজেপি’, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ শনিবাৰে কংগ্ৰেছত যোগ দিলে অভিনেতা শত্ৰুঘ্ন সিনহাই। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল আৰু ৰণদীপ সূৰ্যেৱালাৰ উপস্থিতিত দলটোত যোগ দিয়ে শত্ৰুগ্ন সিনহাই। কংগ্ৰেছত যোগদিয়াৰ পাছতেই সংবাদমাধ্যমক সম্বোদন কৰে সিনহাই।

ইফালে, সংবাদমাধ্যমৰ আগত জিভা পিচলিল অভিনেতাগৰাকীৰ। তেওঁ সংবাদমাধ্যমৰ আগত কয়- 'শক্তি সিং গোপিলজী (বিহাৰ কংগ্ৰেছৰ তত্তৱধায়ক) গুজৰাট আৰু বিহাৰৰ বিজেপিৰ মেৰুদণ্ড স্বৰূপ।' অৱশ্যে এগৰাকী সাংবাদিকে তেওঁৰ মন্তব্যৰ শুধৰণি কৰে। তাৰপাছত শত্ৰুঘ্ন সিনহাই ধেমেলীয়া সুৰত কয় যে- 'সেইটো বাৰু ভুলতে কোৱা গ'ল। আজি বিজেপিৰ প্ৰতিষ্ঠা দিৱস। সেয়েহে ভুলতে ওলাই গ'ল। মইটো এতিয়া নতুন খেলুৱৈ এই ক্ষেত্ৰখনত। কিন্তু জানি-বুজি এই ভুল কৰা নাই। আপোনালোকেও এইটো বুজিছে নিশ্চয়।'