বটদ্ৰৱাৰ জাজৰিত ২২ সংখ্যক সত্রীয়া সাংস্কৃতিক দিৱস উদযাপন...
বটদ্ৰৱাৰ জাজৰিত ২২ সংখ্যক সত্রীয়া সাংস্কৃতিক দিৱস উদযাপন... 
মুখ্য-পৃষ্ঠা

বটদ্ৰৱাৰ জাজৰিত ২২ সংখ্যক সত্রীয়া সাংস্কৃতিক দিৱস উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱা: পশ্চিম নগাঁও জিলা সত্র মহাসভাৰ উদ্যোগত, মধ্য আঞ্চলিক সত্র মহাসভাৰ সহযোগত আজি বটদ্ৰৱাৰ সমীপৱৰ্তী জাজৰিত ২২ সংখ্যক সত্রীয়া সাংস্কৃতিক দিৱস উদযাপন কৰা হয়। জাজৰিৰ হালধিআটি ন-সত্রত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সত্রীয়া সংস্কৃতিক দিৱসৰ পুৱা ধৰ্মধ্বজা উত্তোলন, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰ পাছতে নাম প্ৰসংগ অনুষ্ঠিত হয়।

দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হয় "সত্রীয়া সংস্কৃতি উত্তৰণত সত্রৰ ভূমিকা" শীৰ্ষক আলোচনা চক্ৰ। আলোচনাচক্ৰ খনি সঞ্চালনা কৰে মধ্য আঞ্চলিক সত্র মহাসভাৰ সভাপতি লাৰুধন গোস্বামীয়ে।

পশ্চিম নগাঁও সত্র মহাসভাৰ সম্পাদক মানিক বৰাই আঁতধৰা আলোচনাচক্ৰখনিত মূল বক্তা হিচাবে ভাষন প্ৰদান কৰে বটদ্ৰৱা নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে। আলোচনাচক্ৰ খনিত সাহিত্যিক থগিত মহন্ত, সাংবাদিক প্ৰান্তিক গোস্বামী, সত্রাধিকাৰ দুগ্ধদেৱ গোস্বামী, বৰ বায়ন বগীৰাম বৰাকে ধৰি বহুু কেইগৰাকী অতিথি উপস্থিত থাকে। অনুষ্ঠানত কেইবাগৰাকী স্থানীয় শিল্পীয়ে বৰগীত, সত্রীয়া নৃত্য প্ৰদৰ্শন কৰে।