মুখ্য-পৃষ্ঠা

সৰুপথাৰ সমষ্টিঃ সোমবাৰে ৩প্ৰাৰ্থীৰ মনোনয়ন…

asomiyapratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ তিনিটা পৰ্যায়ত হ'বলগিয়া নিৰ্বাচনত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৯৪ নং সৰুপথাৰ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনে পৃথকে ধনশিৰি মহকুমাৰ কাৰ্যলয়ত পৃথকে মনোনয় পত্ৰ প্ৰদান কৰে।

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ কেইবা হাজাৰো সমৰ্থমকে সৰুপথাৰ মাজমজিয়াৰ পৰা পদ যাত্ৰা কৰি বি.জে, পি জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ ধব্বনিৰে পৰিবেশ উত্তাল কৰি তুলে।
মনোনয় পত্ৰ প্ৰদান কৰাৰ পিছতেই এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে।উক্ত সভাত পিযুজ হাজৰীকাই অংশ গ্ৰহন কৰে।

উক্ত সভাতেই জীৱন চুতীয়া, ৰাজীৱ শইকীয়া, গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাৰ আৰ্শিষ বিছাৰি সেৱা ললে বিশ্বজিৎ ফুকনে।ইফালে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনিত প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে সৰুপথাৰস্থ কংগ্ৰেছ ভৱনৰ পৰা সমদল উলিয়াই মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখ্য যে নিদলীয় প্ৰাৰ্থী হিচাপে গোপাল গগৈয়ে মনোনয় পত্ৰ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।