মুখ্য-পৃষ্ঠা

লকডাউনৰ সময়ত সৰুপথাৰ সমষ্টিত বিজেপিৰ খাদ্য সামগ্ৰী বিতৰণ…

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ শেহতীয়াকৈ অসমতো কোৰোনা ভাইৰাছত আক্ৰান্ত লোক চিনাক্ত হোৱাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি আতংকিত হৈ পৰিছে। ইফালে covid 19 ৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ ২৫ মাৰ্চৰ পৰা দেশত চলি থকা ২১ দিনীয়া Lockdown ৰ সময়ত খাদ্য সংকটত ভুগিছে বৰপথাৰৰ বহু শ্ৰমজিৱী লোক ।

এই লোক সকলক কিছু সকাহ দিবলৈ তেঁওলোকৰ কাষচ থিয় দিছে শাসনাধিষ্ঠ বিজেপি দলৰ বৰপথাৰ মণ্ডল ৷ উল্লেখযোগ্য যে, সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰ মণ্ডলত প্ৰতিদিনে ৩০০ ৰ পৰা ৪০০ পৰিয়ালক খাদ্যৰ টোপোলা বিতৰণ কৰে বিজেপি নেতা কৰ্মীয়ে। ইফালে, সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত সকলোতে শ্ৰমজীৱি লোক সকলক পৰ্যায় ক্ৰমে খাদ্য যোগান ধৰিব বিজেপি দলে |