মুখ্য-পৃষ্ঠা

গ্ৰেপ্তাৰ হ’ব পাৰে কলকতা আৰক্ষীৰ প্ৰাক্তন আয়ুক্ত ৰাজীৱ কুমাৰ! সন্ধান বিচাৰি ৫টাকৈ স্থানত চিবিআইয়ে চলাইছে তালাচী

asomiyapratidin

ডিজিটেল ডেস্কঃ সাৰদা চিটফাণ্ড কেলেংকাৰী গোচৰত নাম সাঙোৰ খাই পৰা পশ্চিম বংগৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ সন্ধান বিচাৰি চিবিআইয়ে ৰাজীৱ কুমাৰৰ ৫টাকৈ আৱাসস্থলত তালাচী চলায়। শুকুৰবাৰে পুৱা চিবিআইয়ে কলকতাৰ ৩৪ পাৰ্ক ষ্ট্ৰীটত থকা ৰাজীৱ কুমাৰৰ বাসগৃহৰ উপৰিও অন্য ৪টা স্থানত তালাচী চলায়।

প্ৰাক্তন আৰক্ষী আয়ুক্তগৰাকীৰ সন্ধান বিচাৰি বুধবাৰে দিল্লীৰ মুখ্য কাৰ্যালয়ৰ পৰা এটা ১৪ জনীয়া চিবিআইৰ দল কলকতাত উপস্থিত হয়। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে সদৰী কৰা মতে, কলকতা আৰক্ষীৰ প্ৰাক্তন আয়ু্ক্ত ৰাজীৱ কুমাৰৰ সন্ধান উলিয়াবৰ বাবে এখন বিশেষ কমিটী গঠন কৰা হৈছে। ৰাজীৱ কুমাৰৰ সন্ধান লাভ কৰিলেও গ্ৰেপ্তাৰ কৰিব পাৰে চিবিআইয়ে।

সূত্ৰৰ খবৰ অনুসৰি, ৩বাৰকৈ চমন জাৰি কৰাৰ পিছতো সোধাপোছাৰ বাবে ৰাজীৱ কুমাৰে চিবিআইৰ কাৰ্যালয়ত হাজিৰ হোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত ৰাজীৱ কুমাৰৰ জামিনবিহীন গ্ৰেপ্তাৰ বিচাৰি আদালততো আবেদন দাখিল কৰিছে চিবিআইয়ে। যদি আদালতে চিবিআইৰ আবেদন স্বীকাৰ কৰে তেন্তে শীঘ্ৰে প্ৰাক্তন আয়ুক্তগৰাকীৰ সন্ধান উলিয়াই গ্ৰেপ্তাৰ কৰিব চিবিআইয়ে।

উল্লেখ্য যে, যোৱা শুকুৰবাৰে কলকতা উচ্চ ন্যায়ালয়ে ৰাজীৱ কুমাৰৰ গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন ৰেহাই প্ৰদান কৰাৰ সময়তে অন্তিম বাৰলৈ দেখা গৈছিল তেওঁক। পশ্চিমবংগৰ আৰক্ষী মহানিৰ্দেশক বিৰেন্দ্ৰই ৰাজীৱ কুমাৰ সন্দৰ্ভত চিবিআইৰ এক পত্ৰৰ উত্তৰ দি কয় যে ৯ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ চৰকাৰী ছুটিত থকা ৰাজীৱ কুমাৰৰ সৈতে শুকুৰবাৰৰ পিছত কোনো সংযোগ স্থাপন কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।