শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ  'সেউজ বঁটা'...
শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ 'সেউজ বঁটা'... 
মুখ্য-পৃষ্ঠা

শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ 'সেউজ বঁটা'...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: অসম বিজ্ঞান সমিতি,নগাঁও কলংপাৰ শাখাই প্ৰদান কৰি অহা ডা০ জিতেন গোঁহাই সোঁৱৰণি সেউজ বঁটা ২০২২ বৰ্ষৰ বাবে শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক প্ৰদান কৰা হৈছে । ডা০ জিতেন গোঁহাই সোঁৱৰণি সেউজ বঁটা বিজ্ঞান শিক্ষা জনপ্ৰিয়কৰণ, স্বচ্ছতা আৰু পৰিৱেশ উত্তৰণৰ বাবে ২০১৯ চনৰ পৰা একোখনকৈ শিক্ষানুষ্ঠানক প্ৰদান কৰি অহা হৈছে।

অসম বিজ্ঞান সমিতি, নগাঁও কলংপাৰ শাখাৰ উদ্যোগত আৰু নগাওঁ কলেজ (অট'নমাচ) ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সহযোগত দেওঁবাৰে অনুষ্ঠিত এক সভাত পৰিৱেশ সচেতনতাৰ বাবে শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ২০২২ বৰ্ষৰ ডা০ জিতেন গোঁহাই সোঁৱৰণি সেউজ বঁটা প্ৰদান কৰা হয়। নগাওঁ কলেজ (অট'নমাচ) ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ তথা নগাওঁ কলেজ (অট'নমাচ)ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে।

অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি নগাওঁ কলেজ (অট'নমাচ)ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ লক্ষ্যজ্যোতি বৰঠাকুৰে পৰিৱেশ আৰু প্ৰকৃতি বিষয়ক এক মনোজ্ঞ বক্তৃতাৰে সকলোকে আপ্লুত কৰে।বঁটা প্ৰদান কৰে পি.কে.গোঁহাই মেম'ৰিয়েল নাৰ্ছিংহ'মৰ সঞ্চালক ডাঃ নৱকৃষ্ণ গোঁহাইয়ে।

ডাঃ গোঁহাইয়ে পৰিৱেশ সচেতনতা আৰু জলৱায়ু পৰিবৰ্তনৰ বাবে ল'ব লগা সাৱধানতাৰ কথা ছাত্ৰ-ছাত্ৰীসকলৰ আগত ব্যক্ত কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে "কুঁহিপাঠ" নামেৰে এক সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।

অনুষ্ঠানটোৰ শেষত নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱাই শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানত অসম বিজ্ঞান সমিতি, নগাঁও কলংপাৰ শাখাৰ সম্পাদক তথা নগাওঁ কলেজ (অট'নমাচ)ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° পৰিক্ষীত গগৈ, সহযোগী অধ্যাপিকা ড° পল্লবী গোস্বামী আৰু প্ৰায় শতাধিক লোক উপস্থিত থাকে।