মুখ্য-পৃষ্ঠা

শ্ৰম বিভাগৰ নিযুক্তি কেলেংকাৰীঃ বঞ্চিত প্ৰাৰ্থীৰ ক্ষোভ, মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান- তদন্ত কৰক ছাৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগৰ কোনো তদন্ত হোৱা নাই। সোণোৱাল চৰকাৰৰ দিনতেই শ্ৰম আৰু চাহ কল্যাণ বিভাগত সংগঠিত হোৱা নিযুক্তি কেলেংকাৰী উচিত তদন্তৰ দাবীত ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে সাব্যস্ত কৰিছে প্ৰতিবাদ।

মুম্বাইৰ পৰা আহি গুৱাহাটীত এই নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ থকা ৰাজীৱ মাঝিয়ে ১২ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনৰ সময়ত সচিবালয়ৰ সন্মুখত অকলেই প্ৰতিবাদ সাব্যস্ত কৰিম বুলি ইতিমধ্যেই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীক এই কেলেংকাৰীৰ তদন্ত কৰিবলৈ আহ্বান জনাই শুক্ৰবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বঞ্চিত প্ৰাৰ্থী আৰু দল,সংগঠনৰ নেতৃত্বই।

ৰাজীৱ মাঝিয়ে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিয়েই এই কেলেংকাৰী পোহৰলৈ অনা মাঝিক সমৰ্থন দিবলৈ উজনি অসমৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ আহিছে কেইবাজনো যুৱক। অৱশ্যে মাঝিয়ে কোভিড প্ৰ'টকলৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় অনুমতি সাপেক্ষে অকলেহে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি স্পষ্ট কৰি দিছে।

লগতে তেওঁ ১২ জুলাই ২০২১ত এই কেলেংকাৰী সন্দৰ্ভত আৰু বিস্ফোৰক তথ্য ফাদিল কৰিব বুলি জানিবল দিয়ে। কেলংকাৰীত নাম সাঙোৰ খোৱা মন্ত্ৰী সঞ্জয় কিষাণক তেওঁ কোনো নিৰপেক্ষ স্থানত মুখামুখি হোৱাৰো প্ৰত্যাহ্বান জনাইছে। এই কেলেংকাৰীক লৈ চৰ্চা তুংগত থকাৰ সময়তে চাকৰিৰ পৰা বঞ্চিত এগৰাকী বিশেষভাৱে সক্ষম যুৱতীয়ে প্ৰথামবাৰৰ বাবে সচিবালয়ৰ সন্মুখলৈ আহি মুখ খুলিলে।

অঞ্জু দাস নামৰ বিশেষভাৱে সক্ষম এই যুৱতীগৰাকী লিখিত আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতো চূড়ান্ত প্ৰাৰ্থীৰ নিৰ্বাচনৰ তালিকাত নাম অন্তৰ্ভুক্ত নহ'ল। গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা স্নাতকোত্তৰ মেধাৱী ছাত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদত তেওঁলোকক বঞ্চিত কৰি এক শক্তিশালী চক্ৰই আত্মীয়-স্বজনক নিযুক্তি দিয়ে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক অঞ্জু দাসে জনাই যে, দুজন বিশেষভাৱে সক্ষম প্ৰাৰ্থীক মৌখিক পৰীক্ষাৰ বাবে মতা হৈছিল। কিন্তু শেষ মুহূৰ্তত এজনো প্ৰাৰ্থীক নিযুিক্ত দিয়া নহ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি তেওঁৰ অনুৰোধ, বঞ্চিত প্ৰাৰ্থীসকলক ন্যায় দিবলৈ এই নিযুক্তি দিয়াৰ উপযুক্ত তদন্ত হ'ব লাগে।

অঞ্জু দাসে লগতে জনাই যে, এই পৰীক্ষাত মেধাৰ তালিকাত তেওঁ ৭ নং স্থানত আছিল বুলি টেলিফোন যোগে জনোৱা হৈছিল। জুনিয়ৰ এছিছটেণ্ট পদৰ উপৰিও চতুৰ্থ বৰ্গ তথা বিষয়া পৰ্যায়ৰ নিযুক্তিত মন্ত্ৰী সঞ্জয় কিষাণে তেওঁৰ অঙহী-বঙহী আৰু ঘনিষ্ঠ লোকক নিযুক্তি দিয়াৰ অভিযোগ ইতিমধ্যে পোহৰলৈ আহিছে।

নিজৰ ৰান্ধনিকো চৰকাৰী পদত নিযুক্তি দিয়াৰ উপৰিও আন আত্মীয়ক মন্ত্ৰীগৰাকীয়ে নিযুক্তি দিয়াৰ লগতে শ্ৰম বিভাগৰ কেইবাজনো বিষয়াই তেওঁলোকৰ ঘনিষ্ঠক নিযুক্তি দিয়াৰ অভিযোগ তথ্য সহকাৰে ৰাজীৱ মাঝিয়ে পোহৰলৈ আনিছিল। মুখ্যমন্ত্ৰীয়ে এই অভিযোগৰ তদন্তৰ ব্যৱস্থা নকৰিলে আদালতৰ কাষ চাপিবলৈ সাজু হৈছে ৰাজীৱ মাঝি।