মুখ্য-পৃষ্ঠা

চলচলীত অবৈধ কাঠ মিল জব্দ…

asomiyapratidin

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ বিভিন্ন স্থানত অবাধ বন ধ্বংস যজ্ঞ চলি থকাৰ সময়তেই নগাঁৱৰ সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পুৰণিগুদাম নিকটৱৰ্ত্তী চলচলীত আজি বন বিভাগে এক অভিযান চলায় ।নগাঁৱৰ বন সুৰক্ষা বাহিনীৰ নব নিযুক্ত আঞ্চলিক বন বিষয়া চেমিম আখতাৰৰ নেতৃত্বত অহা বন সুৰক্ষা বাহিনীৰ দলটোৱে চাপানালা খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ সহযোগত চলচলী মুছলিম গাঁৱত অভিযান চলায় এটা অবৈধ কাঠ মিল জব্দ কৰে ।

বন বিভাগৰ দলটোৱে জব্দ কৰা কাঠমিলটো চলচলী মুছলিম গাঁৱৰ ভাইজান নামৰ লোকজনৰ বুলি জানিব পৰা গৈছে ।আনহাতে বন বিভাগে জব্দ কৰা অবৈধ কাঠমিলটো বৰ্তমান নগাঁও বন সংমণ্ডল কাৰ্যালয়ত ৰাখিছে ।

উল্লেখ্য যে নগাঁৱৰ পুৰণিগুদাম চলচলীত বিগত বহু দিন ধৰি বহু কেইটা দুষ্ট চক্ৰই অবৈধ কাঠমিলৰ লগতে পাৰ্কোপ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন স্থানৰ পৰা চোৰাং কাঠ সৰবৰাহ কৰি ৰমৰমীয়া বেহা চলাই আহিছে ।এইক্ষেত্ৰত পাৰ্কোপ আঞ্চলিক বন বিষয়া কাৰ্যালয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।