মুখ্য-পৃষ্ঠা

চামগুৰিত চোৰাং গৰু সৰবৰাহৰ সন্দেহত ৪ জনক আটক…

asomiyapratidin

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ গেন্ধালিত চোৰাং গৰু সৰবৰাহৰ সন্দেহত জব্দ হোৱা এখন বাহনক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চল জুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চ্যলৰ। স্থানীয় ৰাইজে জব্দ কৰে এটা গৰুসহ চাৰিটাকৈ সন্দেহজনক গৰু চোৰ।

চামগুৰিৰ ভৰাগুৰিৰ পৰা গৰুটো চোৰ কৰি অনাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। চামগুৰি আৰক্ষীৰ নিৰ্লিপ্তৰ সুযোগ লৈ দীৰ্ঘ দিন ধৰি চামগুৰিৰ বিভিন্ন অঞ্চলত গৰু চুৰিৰ একাধিক ঘটনা সংঘটিত হৈ আহিছিল বহু সময়ত।

ধৃত সন্দেহজনক চোৰকেইটা গুলজাৰ হুছেইন, মহম্মদ উল্লাহ, নুৰ ইছলাম আৰু জমিৰ উদ্দিন বুলি জানিব পৰা গৈছে। নিশাই চামগুৰি আৰক্ষীয়ে জিম্মাত লয় গৰু সহ চাৰিটাকৈ সন্দেহজনক চোৰ আৰু AS-02BC-3025 নম্বৰৰ বাহন খন। লগতে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰখা তদন্তৰ পিছতেহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।