মুখ্য-পৃষ্ঠা

চামগুৰিৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ শৌচালয় নিৰ্মাণ আৰু কেন্দ্ৰত থকা লোকৰ খোৱা-বোৱাৰ দায়িত্ব ল’ব ৰকিবুল হুইছেনে…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ,চামগুৰিঃ বিৰোধী দলৰ উপদলপতি তথা বিধায়ক ৰকিবুল হুছেইনে চামগুৰিৰ বাজিয়াগাঁও স্থিত ব্লক কংগ্ৰেছৰ কাৰ্যালত মঙলবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বিভিন্ন অঞ্চললৈ বহিঃৰাজ্যত কৰ্মৰত শ্ৰমিক তথা আহিবলগীয়া আন আন লোক সকল আহি নিজৰ নিজৰ ঘৰত হোম কোৱাৰেনটাইন হোৱাৰ পৰিবৰ্তে সমষ্টিৰ বিভিন্ন স্থানত থকা নিৰ্দিষ্ট কোৱাৰেনটাইন কেন্দ্ৰ সমূহতেই কোৱাৰেনটাইন হ'বলৈ আহ্বান জনায় ।

লগতে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিটোত বৰ্তমান নিৰ্ধাৰিত কৰা কোৱাৰেনটাইন কেন্দ্ৰ সমূহৰ উপৰিও আন বহু কেইটা ৰাজহুৱা ভৱনক কোৱাৰেনটাইন কেন্দ্ৰ কৰিবলৈও বিধায়ক জনে নগাঁও জিলাৰ উপায়ুক্তক প্ৰস্তাৱ দিয়াৰ কথা উল্লেখ কৰে সংবাদমেল খনত।

লগতে কোৱাৰেনটাইন কেন্দ্ৰ সমূহত প্ৰয়োজনীয় শৌচালয় নিৰ্মাণ কৰাৰ দ্বায়িত্ব সমষ্টিটোৰ কংগ্ৰেছী নেতা-কৰ্মী সকলে ল'ব বুলি ৰাজহুৱা ভাবে সদৰী কৰে প্ৰাক্তন মন্ত্ৰী জনে। ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিত প্ৰস্তাৱিত কোৱাৰেনটাইন কেন্দ্ৰ সমূহত থাকিব লগীয়া লোক সকলৰ খোৱা-বোৱা ব্যৱস্থাও সৰুসজাইৰ দৰেই সুন্দৰ ভাবে দলৰ ফালৰ পৰা কৰি দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক জনে ।