মুখ্য-পৃষ্ঠা

পুৱা ৮.৩০ বজাত ১১৭ যাত্ৰীক লৈ দিল্লী পালেহি সমঝোতা এক্সপ্ৰেছ…

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ পৰা বিশেষাধিকাৰ কৰ্তন কৰি ভাৰত চৰকাৰে ৰাজ্যখনক কেন্দ্ৰীয় শাসিতৰ মৰ্যাদা প্ৰদান কৰাৰ পিছতে ভাৰতৰ বিৰুদ্ধে খৰ্ব হৈ পৰিছে পাকিস্তান। ভাৰতৰ সৈতে পাকিস্তানে কূটনৈতিক সম্পৰ্কৰ হ্ৰাস ঘটোৱাৰ পিছতে ৰাষ্ট্ৰখনৰ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্বেখ ৰাছিদে ভাৰত-পাকিস্তানৰ মাজত ৱাঘা সীমান্ত হৈ চলা সমঝোতা এক্সপ্ৰেছ ৰে'লখনৰ চলাচল সম্পূৰ্ণৰূপে বাতিল কৰাৰ ঘোষণা কৰিছিল।

ৰে'ল মন্ত্ৰীৰ ঘোষণাৰ পিছতে পাকিস্তানে সুৰক্ষা দোহাই দি সমঝোতা এক্সপ্ৰেছ ৰে'লখন বৃহস্পতিবাৰে ৱাঘা সীমান্তত ৰখাই থয়। ইয়াৰ পিছতে অন্য এটা ইঞ্জিন ভাৰতে প্ৰেৰন কৰে যদিও নিশা ১.৩০ বজাতহে পাকিস্তানে মুকলি কৰি দিয়ে ৰেলখনক। প্ৰায় ৪ ঘন্টা পলমকৈ পাকিস্তানে মুকলি কৰি দিয়া সমঝোতা এক্সপ্ৰেছ ১১৭ যাত্ৰী লৈ শুকুৰবাৰে পুৱা ৮.৩০ বজাত উপস্থিত হয়হি দিল্লীত। উল্লেখ্য যে, ১১৭ যাত্ৰীৰ ভিতৰত ৭৬ জন ভাৰতীয় আৰু ৪১ জন হৈছে পাকিস্তানী নাগৰিক।