মুখ্য-পৃষ্ঠা

ছাত্ৰ অলিম্পিক ক্ৰীড়াত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা ছয় গৰাকী খেলুৱৈৰ পাঁচ গৰাকীৰে সোণৰ পদক লাভ…

asomiyapratidin

ডিজিটেল সংবাদ,ছমৰীয়া: যোৱা ১৭ ছেপ্টেম্বৰ পৰা ১৯ ছেপ্টেম্বৰলৈ হাৰিয়ানাৰ 'ৰোহটক মেহাম ৰোয়েল স্কুল'ত অনুষ্ঠিত হোৱা সপ্তম সংখ্যক 'ৰাষ্ট্ৰীয় ছাত্ৰ অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা'- ২০২১ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা ছয় গৰাকী খেলুৱৈৰ পাঁচ গৰাকীয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷সোণৰ পদক বিজয়ী এই পাঁচ গৰাকী খেলুৱেই উশ্বু খেলৰ প্ৰতিযোগী।সোণৰ পদক লাভ কৰা উশ্বু খেলুৱে কেইগৰাকী হৈছে- মোহন সিং ৰাভা,ধৰ্মেন্দ্ৰ বড়ো,ৰাজ কুমাৰ বড়ো,কিশোৰজ্যোতি শালৈ,সত্যজিৎ ৰাভা।

উল্লেখ্য,  অসমৰ পৰা প্ৰতিনিধিত্ব কৰা ছয় গৰাকী খেলুৱৈৰ ভিতৰত একমাত্ৰ এথলেটিকচৰ সুৰজ চৌহানে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য,১২ ৰ পৰা ২৫ বছৰ বয়সৰ ল'ৰা- ছোৱালীক  লৈ 'হাৰিয়ানা ছাত্ৰ অলিম্পিক সংস্থা'ই  আয়োজন কৰিছিল 'ৰাষ্ট্ৰীয় ছাত্ৰ অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা- ২০২১।প্ৰতিযোগিতাখনত ফুটবল, ভলীবল,হেণ্ডবল,এথলেটিকচ, থ্ৰবল, বক্সিং,কাবাডী,আৰ্চাৰী, খো-খো,শ্বুটিং,টাইকোৱাণ্ডো, ৰেষ্টলিং, চেচ, কেৰম, যোগা বেডমিন্টন আদি খেল অনুষ্ঠিত হৈছিল। ইফালে,অসমৰ পদক জয়ী ছাত্ৰ অলিম্পিকৰ দলটোৱে কাইলৈ অসম অভিমুখে যাত্ৰা কৰিব বুলি 'অসম ছাত্ৰ অলিম্পিক সংস্থা'ৰ সহকাৰী সম্পাদক মনোজ কুমাৰ দাসে জানিবলৈ জানিবলৈ দিছে ৷