মুখ্য-পৃষ্ঠা

ডাষ্টবিনৰ লখিমী

asomiyapratidin

অনুৰাগ শইকীয়া

প্ৰত্যেক দিনাৰ দৰে ডাষ্টবিনটোলৈ চাই আজিও ৰৈ গ'ল লখিমী, ক'ৰ্টৰ মুখতে এই ডাষ্টবিন। তাইলৈ চাই নাক কোচাই কেইবাহালো চকু ডাঙৰ হৈ পাৰ হৈ গ'ল। ডাষ্টবিনটোত  শীৰ্ণ শিশু এটাই জাৱৰবোৰ মৰম কৰি কৰি মনৰ মুকুতা বিচাৰিছে। তাৰ কাষতে কুকুৰ এটাই চুৱাপাতৰ সতে চিনাকি হৈ কৰমৰ্দন কৰিছে। লখিমীয়ে সাধু এটা জানে, শুনা মতে এই ডাষ্টবিনটো বহু কান্দোনৰ, বহু উচুপনিৰ সাক্ষী।

তাৰে এটা সাধু আছিল লখিমী, উচুপনিৰে সহবাস কৰি কৰি সাধুৰ দৰেই লখিমী এদিন উচুপনিলৈ অনুদিত হৈছিল, আৰু উচুপনিৰ পৰা এদিন হাঁহিলৈ।

আশ্ৰমৰ আইতাই কোৱা মতে চৌব্বিশ বছৰ আগতে আশ্ৰমৰ কাষৰ এই  ডাষ্টবিনটোৱেই তাইক ওমলাই আছিল। জনা হোৱাৰ পৰা আজিলৈকে তাই বিচাৰি ফুৰিছে তাইৰ নাম লখিমী ৰখা মানুহটো। কোনোবাই কিজানি জানেই! ডাষ্টবিনটোকে মনে মনে সুধি থাকে তাই, স্থিতপ্ৰজ্ঞ যুগৰ জাৱৰ সাৱটি পৰক সুখী সজোৱা ডাষ্টবিনে কিজানিবা দিয়েই প্ৰত্যুত্তৰ…

চৌব্বিশ বছৰ আগত ডাষ্টবিনে জীৱন দিছিল তাইক। তাৰপাছত আজিৰ পৰা দুবছৰ আগতে আশ্ৰমতে সংঘটিত হ'ল সেই ঘৃণনীয় কাণ্ড। এতিয়া তাই ডাষ্টবিনটোৰ কিনাৰতে অৰ্ধ উলঙ্গ হৈ বহি থাকে। সেইদিনা তাইৰ কাপোৰৰ লগতে আত্মাও চিৰিলা চিৰিলি হৈ ফাটিছিল।

ডাষ্টবিনেই তাইক জীৱন দিছিল। আজি ডাষ্টবিনে দিছে তাইক আশ্ৰয়।দুবছৰ আগৰ সেই কাণ্ডই তাইক আকৌ দলিয়াই দিলে ডাষ্টবিনলৈ। ডাষ্টবিনৰ কাষৰ যি ঠাইত এৰেহা খাই তাই বহি থাকে, তাৰ ঠিক পিচফালে এখন ডাঙৰ হৰ্ডিং। সেইখন হৰ্ডিঙতেই ডাঙৰকৈ লিখা আছে 'বেটি বাচাও, বেটি পঢ়াও'। তাইৰ নিজৰে হাঁহি উঠি যায়।

('অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে আয়োজন কৰা বৰ্ষজোৰা 'সাহিত্য সন্ধান' শীৰ্ষক এই চুটি গল্প প্ৰতিযোগিতাৰ প্ৰথম সপ্তাহৰ প্ৰথমটো গল্প 'ডাষ্টবিনৰ লখিমী'। গল্পকাৰ অনুৰাগ শইকীয়া। গল্পকাৰৰ ঘৰ গোলাঘাটৰ দেৰগাঁৱত। এই প্ৰতিযোগিতা প্ৰতি সপ্তাহে ধাৰাবাহিকভাৱে অনুষ্ঠিত হ'ব। শনি আৰু দেওবাৰে চুটি গল্পসমূহ 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত প্ৰকাশ হ'ব। মাহটোত প্ৰকাশিত ৮টা চুটি গল্পৰ পৰা প্ৰতি মাহে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ গল্পকাৰক নিৰ্বাচিত কৰা হ'ব। তেওঁলোকক পুৰস্কৃত কৰাৰ লগতে পুৰস্কাৰপ্ৰাপ্ত গল্পসমূহ মূল 'অসমীয়া প্ৰতিদিন' কাকতৰ সম্ভাৰ বা সাহিত্য পৃষ্ঠাত প্ৰকাশৰ দিহা কৰা হৈছে। লগতে বছৰটোৰ মুঠ ৩৬টা নিৰ্বাচিত শ্ৰেষ্ঠ চুটি গল্পৰে প্ৰকাশ পাব এখন গল্প সংকলন।)