চচল শতদল শাখা সাহিত্য সভাৰ দ্বি-বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
চচল শতদল শাখা সাহিত্য সভাৰ দ্বি-বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন 
মুখ্য-পৃষ্ঠা

চচল শতদল শাখা সাহিত্য সভাৰ দ্বি-বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটীঃ চচল শতদল শাখা সাহিত্য সভাৰ দ্বি-বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন। উদযাপন সমিতিয়ে জনোৱা অনুসৰি ৰাতিপুৱা ৯ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি থানেশ্বৰ মালাকাৰে।

স্মৃতি তৰ্পন কৰে প্ৰতিষ্ঠাপক সম্পাদক ও প্ৰাক্তন সভাপতি লোহিত হাজৰিকাই।স্মৃতিচাৰণ সভাত হাজৰিকাৰ লগতে কেইবাগৰাকীও প্ৰাক্তন সভাপতিয়ে শাখাৰ প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে হোৱা উত্তোৰণৰ ক্ষেত্ৰত বিভিন্ন ব্যক্তিৰ অৱদানৰ স্মৃতি ৰোমন্থন কৰে। পুৱা ১০ বজাত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে কৰে থানেশ্বৰ মালাকাৰে।

চচল শতদল শাখা সাহিত্য সভা

প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথিৰ আসন অলংকৃত কৰে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা লেখক ৰবেন্দ্ৰ কুমাৰ দাসে। তেঁওৰ সাৰগৰ্ভ ভাষণেৰে সকলোকে আপ্লুত কৰে ।সভাত উদযাপন সমিতিৰ তৰফৰ পৰা প্ৰাক্তন সভাপতি ক্ৰমে কৃষ্ণকান্ত নাথ,ভূপেন্দ্ৰ নাথ দাস,লোহিত হাজৰিকা আৰু ফনীধৰ ডেকাক এখনি ফুলাম গামোছা আৰু এটি সৰুদৈয়া জাপিৰে সন্মান জনোৱা হয়।

সভাত গীত পৰিবেশন কৰে ক্ৰমে গিৰীশ শৰ্মা,সদানন্দ বৰ্মন আৰু শ্ৰীমতী নাৰ্গিছ চুলতানাই। স্বৰচিত কবিতা পাঠ কৰে ক্ৰমে অন্নপ্ৰভা কাকতি,সান্তনা দাস বৰ্মন আৰু খনিন্দ্ৰ কুমাৰ ডেকাই।সভাৰ উদ্দেশ্য বাখ্যা আৰু শলাগৰ শৰাই আগবঢ়ায় কনক চন্দ্ৰ মহন্তই।জাতীয় সঙ্গীতেৰে সভাৰ সামৰনি মৰা হয়।

আৰু পঢ়কঃ বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদীঃ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা