মুখ্য-পৃষ্ঠা

সবৰিমালা মন্দিৰত তলা মৰাৰ হুংকাৰ মুখ্য পুৰোহিতৰ!

asomiyapratidin

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতে সবৰিমালা মন্দিৰত মহিলা প্ৰৱেশক লৈ কিছুদিনৰ পৰা চলি থকা বাক বিতণ্ডাৰ এতিয়াও অন্ত পৰা নাই। মহিলাৰ প্ৰৱেশক লৈ ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে বিৰোধ কৰাৰ সময়তে সবৰিমালা মন্দিৰৰ মুখ্য পুৰোহিত কাণ্ডাৰাড়ু ৰাজিভাড়ুয়ে প্ৰদান কৰিছে চাঞ্চল্যকৰ মন্তব্য।

পুৰোহিত জনে কয়- 'অৱশেষত মই সিদ্ধান্ত লৈছো যে মন্দিৰৰ মুখ্য দুৱাৰ বন্ধ কৰি ইয়াৰ চাবি অন্য কাৰোবাক অৰ্পণ কৰিম। কিয়নো মই মন্দিৰৰ ভক্ত সকলৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰো।'

মন্দিৰক লৈ ভিন্ন পক্ষৰ বাক বিতণ্ডাৰ ওৰ নপৰাৰ হেতুকে উপায়ান্তৰ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্দিৰৰ মুখ্য পুৰোহিতজনে সংবাদমাধ্যমৰ সন্মুখত মতপোষণ কৰে। উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া ৫.৩০ বজাৰ পৰা নিশা ১০.৩০ বজালৈকে খোলা হৈছিল সবৰিমালা মন্দিৰৰ মুখ্য দুৱাৰ।