মুখ্য-পৃষ্ঠা

বৰ অপমান পালোঃ মুখ্যমন্ত্ৰীৰ সভাত প্ৰৱেশ কৰিবলৈ নাপাই অভিমান বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ ৰাজ্যিক অধিবেশন অনুষ্ঠিত হৈছে দেৰগাঁৱত। কিন্তু অধিৱেশনৰ মাজতে লাগিল অথন্তৰ । অভিবেশনৰ মুখ্য অতিথি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত নিৰাপত্তাৰক্ষীয়ে সোমাব নিদিলে শাসকীয় পক্ষৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু দেৰগাঁও বিধান সভা সমষ্টিৰ অগপ বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীক।

নিৰাপত্তাৰক্ষীৰ এই কাণ্ডৰ বাবেই সভাৰ মূল গেটতে প্ৰতিবাদত বহিল ৰূপজ্যোতি কুৰ্মী । প্ৰতিবাদ কৰাই নহয় সভাত সোমাবলৈ নিদিয়াৰ বাবে এক প্ৰকাৰৰ অভিমান কৰি যাবলৈ ওলাইছিল কুৰ্মী। কিন্তু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ অনুৰোধত সভাত সোমাল ৰূপজ্যোতি কুৰ্মী।

বিধায়ক কুৰ্মীয়ে কয়-আজি মই বৰ অপমান পালোঁ। মোৰ গাড়ী কিয় সোমাব নিদিলে। মোক আৰু স্থানীয় বিধায়কক মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে কিয় সোমাব নিদিলে? মই ২০০৬ চনৰ পৰা বিধায়ক হৈ আছোঁ, কোনো দিন এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাই।