মুখ্য-পৃষ্ঠা

সেনা বাহিনীৰ কমাণ্ডিং অফিচাৰঃ এটা পৰম্পৰা…

asomiyapratidin

চীন-ভাৰতৰ সীমা কেন্দ্ৰিক বিবাদৰ সন্দৰ্ভত অসমৰ উচ্চপদস্থ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নিজৰ মত দাঙি ধৰিছে। ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) ৰঞ্জিত বৰঠাকুৰীয়াৰ কথাৰে 'মোৰ মত'।

যোৱা ১৫ জুনত লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ বৰ্বৰতাৰ বলি হৈছিল ভাৰতীয় সৈন্য বাহিনীৰ ১৬ নং বিহাৰ বেটালিয়নৰ কমাণ্ডিং বিষয়া কৰ্ণেল সুৰেশ বাবু লগতে আৰু ১৯জন ভাৰতীয় সৈনিক। কৰ্ণেলৰ মৃত্যুৰ পাছত বহুতে মোক প্রশ্ন কৰিছিল বা সুধিছিল 'ইমান ছিনিয়ৰ বিষয়াজনে চীনা সৈন্যই দখল কৰা অঞ্চললৈ কিয় যাব লাগিছিল, অন্য কোনোবা তলৰ বিষয়াক পঠাব লাগিছিল।' ভুল চাবলৈ গ'লে কথাতো নহয়। কৰ্ণেল এজনৰ তলত এক হাজাৰ মান সৈনিক আৰু কিছু বিষয়া থাকে। তেওঁৰ এটা হুকুমতে অন্য সৈন্যই কমাণ্ডিং বিষয়াই দিয়া দায়িত্ব পালন কৰিলেহেঁতেন।

সেইবাবেই এই প্ৰশ্নৰ উত্তৰটো আমাৰ দেশৰ নাগৰিক হয়তো মই ভালকৈ বুজাব নোৱাৰিম। অকল কৰ্ণেল সুৰেশ বাবুয়ে নহয়, ভাৰতীয় সৈন্যবাহিনীৰ বহু সংখ্যক কমাণ্ডিং বিষয়াই নিজৰ গোটৰ (Unit) বাবে, নিজৰ দেশৰ বাবে সৰ্ব্বোত্তম (Highest) বলিদান দিয়া বহুতো উদাহৰণ আছে। উদাহৰণস্বৰূপে, যোৱা ১০ মে' তাৰিখে, ২১ নং ৰাষ্ট্ৰীয় ৰাইফলছৰ কমাণ্ডিং বিষয়া কৰ্ণেল আশুতোষ শৰ্মাই জম্মু-কাশ্মীৰৰ কুপুৱাৰা জিলাত উগ্ৰবাদীৰ ওপৰত আক্ৰমণ কৰিবলৈ গৈ মৃত্যুমুখত পৰে।

ঠিক তেনেকৈ ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ত, ১৮ নং গ্ৰেনিডিয়াৰ গোটৰ কমাণ্ডিং বিষয়াই কৰ্ণেল ৰামকৃষ্ণ বিশ্বনাথনে ১৫,০০০ ফুট উচ্চতাত তিনিজন আৱদ্ধ থকা তিনিজন জোৱানক উদ্ধাৰ কৰিবলৈ গৈ মৃত্যুক সাৱতি লৈছিল। দুৰ্ভাগ্যক্ৰমে, আমাৰ দেশৰ ভাৰতীয় নাগৰিকে সৈন্যবাহিনীৰ ঐতিহ্য, পৰম্পৰা নাজানে বা জানিবলৈ চেষ্টা নকৰে। আনকি বহুতে প্ৰাইভেট কোম্পানীৰ CEO (Chief Executive Officer) আৰু সামৰিক ববাহিনীৰ কমাণ্ডিং বিষয়াৰ কামটো একে বুলি ভাবে।

তেওঁলোকে ভাবে যে, কমাণ্ডিং বিষযাই তেওঁৰ তলৰ জোৱান-বিষয়া আদিক যুদ্ধৰ বাবে তৈয়াৰ কৰা বা তেওঁলোকক নিৰ্দেশ দিয়াটোৱেই মুখ্য কাম। যেনে ধৰণে কোম্পানী এটাৰ চিইঅ' (CEO)ই কোম্পানীৰ কৰ্মীক নিৰ্দেশ দিয়ে। এনেই চাবলৈ গ'লে চিইঅ' আৰু কমাণ্ডিং বিষয়াৰ দায়িত্ব প্ৰায় একে বুলি ক'ব পাৰি। তেওঁলোকৰ মুখ্য দায়িত্ব নিজৰ প্ৰতিষ্ঠানটো সুচাৰুৰূপে পৰিচালিত কৰা, কৰ্মীবোৰক উদ্গনি দিয়া যাতে অনুষ্ঠানটোৰ লক্ষ্যত উপনীত হ'ব পাৰে। হয়তো চিইঅ'ৰ ক্ষেত্ৰত ব্যৱসায়িক লাভটো মূল বিষয়বস্তু।

আনহাতে, সৈনিক বাহিনীৰ ক্ষেত্ৰত কমাণ্ডিং বিষয়াৰ দায়িত্ব হৈছে যে প্ৰশিক্ষণ দিব লাগে, জোৱানসকলক এনেকুৱাভাৱে উৎসাহিত কৰিব লাগে, যাতে প্ৰয়োজন হ'লে তেওঁলোক দেশৰ কাৰণে প্ৰাণ আহুতি দিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত উন্নত দৰমহা, পদবীৰ উন্নতি আদিৰ দ্বাৰা তেওঁলোকৰ কৰ্মীক উদ্গনি দিব পাৰে কিন্তু সামৰিক বাহিনীৰ কমাণ্ডিং বিষয়াৰ নেতৃত্বত বা হুকুমত দেশৰ কাৰণে প্ৰাণ ত্যাগ কৰিবলৈ সাজু কৰিবলৈ হ'লে কমাণ্ডিং বিষয়াজনৰ অন্য গুণ থাকিব লাগিব।

সেইবাবে তেওঁ এজন অনুষ্ঠান এটাৰ অকল মুৰব্বী নহ, তেওঁ প্ৰায় একহাজাৰ সৈন্যৰ 'দেউতা'ক। সেই একহাজাৰ সৈন্য আৰু তেওঁৰ পৰিয়ালৰ দায়িত্ব। কমাণ্ডিং বিষয়া এজনৰ আইনগত ক্ষমতা থকা বাবে জোৱান এজনে জীৱন ত্যাগ কৰিবলৈ আগবাঢ়ি নাহে, বৰঞ্চ কমাণ্ডিং বিষয়াজনৰ ওপৰত থকা অগাধ বিশ্বাসে যিকোনো জোৱানক আস্থা দিয়ে, যিকোনো জোৱানে নিজৰ জীৱন বলিদান দিবলৈ কুণ্ঠাবোধ নকৰে।

কিন্তু জোৱানবোৰৰ পৰা এই আস্থা এদিনতে কমাণ্ডিং বিষয়াই নাপায়। সৈন্যবাহিনীত বিষয়া হিচাবে নিযুক্তি পোৱাৰ দিনৰ পৰা (২১/২২ বছৰ), কমাণ্ডিং বিষয়া হ'বলৈ প্ৰায় ১৯/২০ বছৰৰ অভিজ্ঞতা লাগে। সেই ২০ বছৰ, বিষয়াজনে জোৱানৰ লগত একেটা গোটত থাকি সিহঁতৰ সুখ-দুখৰ লগৰী হয়, বিষয়া আৰু জোৱানৰ মাজত বিশেষ বণ্ডিং (Bonding) হয়। এজন ভাল বিষয়াই জোৱানজনৰ সকলো কথা যেনে তেওঁৰ ঘৰৰ, মা-দেউতা, ঘৈণীয়েক, ল'ৰা-ছোৱালী আদিৰ বিষয়ে একেলগে গোটটোত 'ডাঙৰ' হোৱা বাবে জনাৰ সুবিধা পায়। বিষয়াসকলে জোৱানবোৰ 'তেওঁলোকৰ মাকে যিমান জানে তাতকৈ বেছিকৈ জানিব লাগে।' তেওঁ এজন 'Brother-in-Arms', তেওঁ 'ঘৰটোৰ' (সামৰিক গোট) মুখীয়াল। কমাণ্ডিং বিষয়াজনক বেলেগ বেলেগ উপাধিৰে জমা যায় যেনে 'গাঁও বুঢ়া, Old Man, Tiger' ইত্যাদি।

যেতিয়ালৈকে ভাৰতৰ সেনাবাহিনীৰ কমাণ্ডিং বিষয়া আৰু জোৱানৰ মাজত এই Bonding থাকিব, তেতিয়ালৈকে কোনো শত্ৰুই সাফল্য লাভ কৰিব নোৱাৰে। অৱশ্যে আমাৰ চৰকাৰে প্ৰয়োজন মতে, বন্দুক-বাৰুদ আৰু অন্য সমৰ্থন দিব লাগিব, ঠিক তেনেকৈ দেশৰ নাগৰিকে সৈন্যবাহিনীৰ মনোবল অটুত ৰাখিবলৈ অকণমান হ'লেও আগবাঢ়ি আহিব লাগিব। সেইবাবে নিজৰ গোটৰ মুৰব্বী কৰ্ণেল সুৰেশ বাবুয়ে চীনা সৈন্যৰ বৰ্বৰতাৰ বাবে মৃত্যুক সাৱটি লোৱা বাবে ১৬ বিহাৰ বেটালিয়ানে এক মুহূৰ্তও স্থিৰে থাকিব নোৱাৰিলে। যি ধৰণে গোটৰ সৈনিকে লগতে অন্য গোটৰ সৈন্যই চীনা সৈন্যক সেই সময়ত আক্ৰমণ কৰিলে, সেইটো বহুত বিৰল। মোৰ এটাই অনুৰোধ যে, পাঠকসকলে যেন সৈন্যবাহিনীৰ মনোবল ৰখাতল অকণমান হ'লেও সহায় কৰে।