মুখ্য-পৃষ্ঠা

উৰুৱাই দিয়া হ’ব RSSৰ কাৰ্যালয়ঃ কাৰ এই হুংকাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰতিবাদী কৃষকৰ ওপৰত আক্ৰমণ কৰিলে উৰুৱাই দিয়া হব RSSৰ কাৰ্যালয়। কেৱল সেয়াই নহয়, কৃষকলৈ গুলী চলালে গুলীয়াই হত্যা কৰা হব RSSৰ মুৰব্বী মোহন ভাগৱতক। কৃষকৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থ জনাই এই ভয়ংকৰ হুংকাৰ প্ৰদান কৰিলে মহাৰাষ্ট্ৰৰ কিষাণ মহাসভাৰ সম্পাদক অৰুণ ঝংকাৰে।

সংবাদ মাধ্যমৰ আগত এই দাবী কৰি ঝংকাৰে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাতত দুটা ৰাস্তা আছে। হয় আইন বাতিল কৰক,নহলে আত্মহত্যা কৰিব লাগিব। উল্লেখ্য যে, এই মন্তব্যৰ পাছতে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।