মুখ্য-পৃষ্ঠা

ভাৰতত কাম কৰিব বিচৰাসকলে হিন্দুত্বৰ বাবে কাম কৰিব লাগিবঃ আৰ এছ এছ নেতা

asomiyapratidin

ডিজিটেল ডেস্কঃ 'ভাৰতত যদি কোনো লোকে কাম কৰিব বিচাৰে তেন্তে তেওঁ হিন্দুত্বৰ বাবে কাম কৰিব লাগিব।' আৰ এছ এছৰ সাধাৰণ সম্পাদক সুৰেশ ভাইয়াজী যোশীয়ে কৰিছে এই মন্তব্য। পানাজীত এক অনুষ্ঠানত ভাগ লৈ লগতে আৰ এছ এছ নেতাগৰাকীয়ে কয়, 'হিন্দুসকলৰ সৱলীকৰণৰ বাবে কাম কৰিব লাগিব ভাৰতত কাম কৰিব বিচৰা লোকসকলে। হিন্দুসকলে অতিজৰে পৰা ভাৰতৰ উত্থান-পতন সকলো দেখি আহিছে। ভাৰতক হিন্দু সম্প্ৰদায়ৰ পৰা পৃথক কৰিব নোৱাৰি। দেশৰ কেন্দ্ৰবিন্দুত হিন্দুসকল সদায়ে আছে।'

'আৰ এছ এছৰ দিশৰ পৰা বিশ্বগুৰু ভাৰত' বিষয়ত এদল লোকক সম্বোধন কৰি নেতাগৰাকীয়ে হিন্দুসকল সাম্প্ৰদায়িক নহয় বুলিও মন্তব্য কৰে। তেওঁ কয়, 'বিশ্বই মানি লৈছে ২০২০ বৰ্ষত ভাৰত 'ছুপাৰ পাৱাৰ'ত পৰিণত হ'ব। পিছে মোৰ মনত আছে এগৰাকী লোকে মোৰ সৈতে বাৰ্তালাপ কৰি ভাৰত ২০২০ বৰ্ষত 'ছুপাৰ ৰাষ্ট্ৰ' হ'ব বুলি কৈছিল।'

যোশীৰ সৈতে এই অনুষ্ঠানটোত উপস্থিত আছিল গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ স্বামী। অনুষ্ঠানটোত আৰ আৰ এছ নেতাগৰাকীয়ে আৰু কয়, 'ভাৰত বৰ্ষই কাকো আক্ৰমণ কৰা নাই, যদি যুদ্ধ কৰিছে নিজৰ প্ৰতিৰক্ষাৰ বাবেহে কৰিছে। সকলো লোককে সমন্বয়ৰ পথত খোজকাঢ়িবলৈ শিকোৱাতো ভাৰতৰ দায়িত্ব।'