মুখ্য-পৃষ্ঠা

সোণাৰিত আৰ এছ এছ তথা বিজেপি নেতাক জেললৈ…

asomiyapratidin

ডিজিটেল সংবাদ,সোণাৰিঃ সোণাৰিত আৰ এছ এছ তথা বিজেপি নেতাক জেললৈ। ছয় বছৰৰ পৰাত ভুক্তভোগীয়ে পালে ন্যায়।২০১৬ বৰ্ষত সোণাৰিৰ বগৰীগুৰিস্হিত কস্ত্তুৰ্বা গান্ধী বালিকা বিদ্যালয়ৰ কণমাণি এগৰাকী ছাত্ৰীক বিদ্যালয়ৰ শিক্ষক তথা চৰাইদেউ জিলা বিজেপিৰ জেষ্ঠ নেতা দিগন্ত শইকীয়াই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

পৰৱৰ্তী সময়ত বিদ্যালয় কতৃপক্ষই অভিযুক্ত দিগন্ত শইকীয়াক বিদ্যালয়ৰ পৰা অব্যাহতি প্ৰদান কৰিছিল।শেহতীয়াকৈ ছবছৰ ধৰি বিচৰাধীন হৈ থকা বিষয়টোত আজি চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে 188/2016 নং গোচৰৰ অধীনত ভাৰতীয় দণ্ডবিধি আইনৰ 354(a)IPC/r/w/10 pocso Special 49/16 ধাৰাৰ অধীনত পাচঁ বছৰ সশ্ৰম কাৰাণ্ডৰ লগতে দহ হাজাৰ টকাৰ জৰিমণা বিহে।