মুখ্য-পৃষ্ঠা

ৰৌতাত শিক্ষকৰ বাবে সাহাৰ্য সংগ্ৰহত ব্যস্ত এজাক ছাত্ৰ-ছাত্ৰী…

asomiyapratidin

ডিজিটেল সংবাদ,ওৰাং: মানৱীয়তাৰ এক নিদৰ্শন দেখুৱালে ৰৌতা আঞ্চলৰ এজাক ছাত্ৰ-ছাত্ৰীয়ে। দুৰ্ঘটনাত পতিত চিকিৎসাধীন হৈ থকা শিক্ষকক আৰ্থিক সকাহ প্ৰদান কৰাৰ বাবে আগবাঢ়ি আহিল ৰৌতা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী। ৰৌতা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক গংগা ৰাম শৰ্মাৰ চিকিৎসাৰ বাবে ঘৰে ঘৰে গৈ আৰ্থিক সাহাৰ্য সংগ্ৰহ কৰিছে ছাত্ৰ সকলে। শিক্ষকৰ চিকিৎসাৰ বাবে সহায় ভিক্ষা কৰিছে ছাত্ৰ সকলে।

 পথ দুৰ্ঘটনাত পতিত হোৱা শিক্ষকৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য সংগ্ৰহ কৰি ছাত্ৰ-ছাত্ৰী সকলে দেখুৱাইছে মানৱীয়তাৰ নিদৰ্শন। শিক্ষকৰ চিকিৎসাৰ বাবে ইতিমধ্যে ২৬ হাজাৰ টকা সংগ্ৰহ কৰিছে ছাত্ৰ-ছাত্ৰী সকলে। উল্লেখযোগ্য যে যোৱা ১১ জুনত ৰৌতা চাৰিআলিত এক পথ দুৰ্ঘটনা সংঘটিত হৈছিল। ১১ জুনত সংঘটিত হোৱা পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আহত হৈছিল ৰৌতা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক গংগা ৰাম শৰ্মা। দুৰ্ঘটনাত পতিত হোৱা ৰৌতা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক গংগাৰাম শৰ্মাক সংকটজনক অৱস্থাত গুৱাহাটীৰ নাৰায়না হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। মগজু আৰু বুকুত গুৰুত্বৰ ভাবে আঘাত পোৱা শিক্ষক গংগাৰাম শৰ্মাৰ চিকিৎসাৰ বাবে প্ৰয়োজন এতিয়া অৰ্থৰ।

উন্নত চিকিৎসাৰ বাবে খৰচ বহন কৰিবলৈ সামৰ্থ নাই এতিয়া গংগাৰাম শৰ্মাৰ পৰিয়ালৰ। ইতিমধ্যে গংগাৰাম শৰ্মাৰ চিকিৎসাৰ খৰচ কৰি ভাগৰুৱা হৈছে পৰিয়ালটো। গংগাৰাম শৰ্মাৰ পৰিয়ালৰ দুৰৱস্থা দেখি তেওঁৰ ৰৌতা জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল আগবাঢ়ি আহিছে শিক্ষক গংগাৰাম শৰ্মাক সহায় কৰিবলৈ। ৰৌতা, ওৰাং, ধনশ্ৰীঘাট অঞ্চলৰ গাঁৱে গাঁৱে, ঘৰে ঘৰে ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক গংগাৰাম শৰ্মাৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে আহ্বান জনাইছে।

শিক্ষক গংগাৰাম শৰ্মাক সুস্থ কৰি তোলাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে সংগ্ৰহ কৰিছে আৰ্থিক সাহাৰ্য। শিক্ষক গৰাকীৰ চিকিৎসাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপ আৰু তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যিয়ে যেনেকৈ পাৰে সাহাৰ্য আগবঢ়াইছে। ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক গংগাৰাম শৰ্মাৰ চিকিৎসাৰ বাবে ইতিমধ্যে ২৬ হাজাৰ টকা সংগ্ৰহ কৰিছে। গুৱাহাটীৰ নাৰায়না হস্পিতালত চিকিৎসাধীন হৈ শিক্ষক গংগাৰাম শৰ্মাৰ চিকিৎসাৰ বাবে  এতিয়াও প্ৰয়োজন যথেষ্ট অৰ্থৰ।

সেয়ে সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনাইছে ছাত্ৰ-ছাত্ৰী সকলে। উল্লেখযোগ্য যে ৰৌতা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক গংগাৰাম শৰ্মা সদৌ অসম গুৰ্খা ছাত্ৰ সন্থাৰ ৰৌতা আঞ্চলিক সমিতিৰ উপ সভাপতি। ইতিমধ্যে সদৌ অসম গুৰ্খা ছাত্ৰ সন্থাৰ কৰ্মী সকলেও গংগা ৰাম শৰ্মাৰ চিকিৎসাৰ বাবে সাহাৰ্য প্ৰদান কৰিছে গংগা ৰাম শৰ্মাৰ পৰিয়ালক। শিক্ষক আৰু ছাত্ৰ নেতা জনৰ উন্নত চিকিৎসাৰ বাবে কোনো হৃদয়বান লোকে আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ বিছাৰিলে ভাৰতীয় ষ্টেট বেংকৰ ৰৌতা শাখাৰ A/C- 32569651299 IFSC Code SBIN0003377 অথবা 8876028378 নম্বৰ যোগে সহায় আগবাঢ়লৈ অনুৰোধ জনাইছে ছাত্ৰ-ছাত্ৰী সকলে।