মুখ্য-পৃষ্ঠা

ৰৌতাৰ অভিশপ্ত ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ২ টাকৈ দুৰ্ঘটনা, নিহত এজন…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ক্ৰমাৎ যেন মৃত্যু উপত্যকালৈ পৰিণত হৈছে ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটি। বুধবাৰৰ দিনটোত উক্ত ৰাষ্ট্ৰীয় ঘাইপথটিত চাৰিটাকৈ পথ দূৰ্ঘটনাত ১০ জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছিল শিশুসহ ৮ জনকৈ লোক।

এই ঘটনাৰ শোকৰ ছবি অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে পুনৰ দুটাকৈ দুৰ্ঘটনাত এগৰাকী মহিলাই প্ৰাণ হেৰুওৱাৰ লগতে গুৰুত্বৰভাৱে আহত হয় আন এজন লোক। প্ৰথমটো দূৰ্ঘটনা সংঘটিত হয় জিলাখনৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত লালপুলত। এই দূৰ্ঘটনাত ঘাই পথ পাৰ হবলৈ চেষ্টা কৰোতে তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হয় মুলেছা বেগম নামৰ এগৰাকী মহিলা।

দ্বিতীয়টো দুৰ্ঘটনা সংঘটিত হয় বৃহস্পতিবাৰে সন্ধিয়া একেখন থানাৰ অন্তৰ্গত ৰাইনো ৰেষ্টুৰেণ্টৰ ওচৰত। উক্ত দূৰ্ঘটনাটিত গুৰুত্বৰভাৱে আহত হয় আন এজন লোক। লোকজনে এএছ০১ডিপি৬৯১৬ নম্বৰৰ এখন স্কুটীৰে গৈ থকা অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথটিৰ ওপৰত পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

পাছত স্থানীয় লোক আৰু আৰক্ষীৰ সহায়ত আহত লোকজনক এম্বুলেঞ্চৰ সহায়ত ৰৌতা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। আহত লোকজন পাণ্ডুৰ বেণু গোপাল দাস বুলি জানিব পৰা গৈছে। এনেবোৰ ঘটনাৰ পাছত এতিয়া যেন ক্ৰমাৎ মৃত্যুৰ উপত্যকালৈ পৰিণত হৈছে উক্ত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটি।