মুখ্য-পৃষ্ঠা

ৰহাত বানৰ তাণ্ডৱঃ উটুৱাই নিলে দুখনকৈ বাঁহৰ দলং…

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ কপিলীৰ বাঢ়নি পানীয়ে উটুৱাই নিলে ৰহাৰ দুখনকৈ বাঁহৰ দলং। ৰহাৰ চাপৰমুখ কচুৱাৰ পাৰঘাট আৰু বামুণীজান পাৰঘাটত থকা থকা দুয়োখন দলং নিশাৰ ভিতৰতে উটুৱাই নিলে কপিলী নদীৰ বাঢ়নি পানীয়ে। ফলত এতিয়া যাতায়াত-যোগাযোগত তীব্ৰ সমস্যাৰ সৃষ্টি হৈছে নৈপৰীয়া ৰাইজৰ।

অৱশ্যে পাৰঘাট দুটাত নাঁৱৰ ব্যৱস্থা কৰিছে মহলদাৰে। উল্লেখ্য যে ৰহা আঞ্চলিক পঞ্চায়তৰ অধীনত থকা বামুণীজান পাৰঘাট আৰু অসম জল পৰিবহন বিভাগৰ অধীনত থকা চাপৰমুখ কচুৱা পাৰঘাটতত খৰালি কালত দুয়োটা পাৰঘাটত লেচীয়ে বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াত কিছু সুচল কৰি দিয়ে। কিন্তু বাৰিষা নৈৰ পানী বাঢ়ি অহাৰ লগে লগে ভাগি নিয়ে দলং দুখন।

এইবাৰো দলং দুখন নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিয়াত যাতায়াতৰ সমস্যা হৈছে দুয়োপাৰৰ জনসাধাৰণৰ।ফলত এতিয়া এনেদৰেই এখন টুলুঙা নাৱেৰে বিপদসংকুলভাৱে ৰাইজ অহাযোৱা কৰিবলগীয়া হৈছে।

উল্লেখ্য যে ২০০৩চনৰ পৰা তিনিবাৰকৈ আধাৰশিলা স্থাপন কৰা চাপৰমুখ কচুৱাৰ কপিলী নদীৰ ওপৰত নিৰ্মাণৰত পকী দলংখন আজিও সম্পূৰ্ণ হৈ নুঠাত এতিয়া এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰহা সমষ্টিৰ এটা বৃহৎ অঞ্চলৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ বহু সংখ্যক ৰাইজ।