Robbers open fire at police
Robbers open fire at police 
মুখ্য-পৃষ্ঠা

বকোত ডকাইতৰ গুলীত গুলীবিদ্ধ আৰক্ষী...

Asomiya Pratidin

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত মঙ্গলবাৰে গেলামাল দোকানত ৪ জনীয়া ডাকাইতৰ দলে বকো থানাৰ অন্তৰ্গত ৰাজাপাৰা চ'কৰ গোপাল চেত্ৰীৰ গেলামাল দোকানত পিষ্টল দেখুৱাই ধন দাবী কৰে । দোকানী আৰু দোকানত থকা কৰ্মচাৰীয়ে চিঞৰ-বাখৰ কৰাত ডকাইতৰ দলটোৱে পিষ্টলেৰে গুলিওৱাৰ লগতে ডেগাৰেৰে আক্ৰমণ চলায় ।

ফলত দোকানখনৰ মালিক গোপাল চেত্ৰীৰ পুত্ৰ ৰবি চেত্ৰী, কৰ্মচাৰী সুৰজ চেত্ৰী আৰু কাষত থকা হিমলয় নামৰ হোটেলখনৰ মেনেজাৰ গণেশ চেত্ৰী গুৰুতৰ ভাৱে আহত হয় ।

অন্যহাতে সেই সময়ত ঘটনাস্থলীত উপস্থিত হোৱা বকো থানাৰ আৰক্ষী এগৰাকীৰো শৰীৰত গুলী লাগে । ৰাইজে ডকাইতৰ দলটোৰ ২জনক কৰায়ত্ব কৰি উত্তম-মাধ্যম সোধায় ।