কলিয়াবৰৰ পিছত তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ২ জন
কলিয়াবৰৰ পিছত তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ২ জন 
মুখ্য-পৃষ্ঠা

কলিয়াবৰৰ পিছত তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ২ জন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোমবাৰে নিশা ৰাজ্যৰ ৰাজপথলৈ নামি আহিছিল কাল ! যমদূতৰ ৰূপত ৰাজপথত চলিছিল ট্ৰাক ! যাৰ পৰিণতিত প্ৰাণ হেৰুৱাবলগীয়া হ'ল বহু কেইজন লোকে।

ইয়াৰ ভিতৰত কলিয়াবৰ আৰু তেজপুৰত সংঘটিত হোৱা দুটাকৈ পথ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে। তেজপুৰৰ নিজ বিহগুৰীত নিশা এখন ট্ৰাকৰ খুন্দাত মৃত্যু হয় দুই বাইক আৰোহীৰ। নিহত বাইক আৰোহী দুজনৰ ভিতৰত এজনৰ নাম বিজু সিং আৰু আনজন সুমন তালুকদাৰ। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AP 37 X 8989।

ইফালে কলিয়াবৰত সংঘটিত হোৱা ভয়াবহ পথ দুৰ্ঘটনাত ৫ জনকৈ লোক নিহত হৈছে। এখন ট্ৰাক আৰু হোণ্ডাই বাহনৰ মুখামুখী সংঘৰ্ষৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। ৰাইজৰ অভিযোগ অনুসৰি ফ'ৰলেন কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে।

দুৰ্ঘটনাটোত নিহত পাঁচজন আৰোহীৰ ভিতৰত তিনিজন ক্ৰমে বোকাখাত কলাখোৱাৰ সন্দীপ কুমাৰ পাল (চালক), বোকাখাত ভূতপাৰা মৌমাখিৰ বিবেক দাস, বোকাখাত কলাখোৱাৰ সঞ্জয় দাস বুলি চিনাক্ত কৰা হৈছে ৷

এ এছ ০৫ কিউ ২৬৮৩ নম্বৰৰ এখন আওৰা বাহন আৰু ইউ পি ৩৭ এ টি ২৭৬৫ নম্বৰৰ মালবাহী ট্ৰাকৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো।