মুখ্য-পৃষ্ঠা

ঋতুপৰ্ণ পেগুক হত্যাঃ চাৰিজনক গ্ৰেপ্তাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিন দুপৰতে মহানগৰীৰ নুনমাটিত এটা সামান্য কথাতে ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ ঘটনাক লৈ ৰাজ্যৰ চৌদিশে প্ৰতিবাদ জোৱাৰ উঠিছে। শনিবাৰে পুৱাই নুনমাটি থানাত টি এম পি কে সহস্ৰাধিক কৰ্মীয়ে দোষীক ফাঁচীৰ দাবীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে।

নুনমাটিত দিন-দুপৰতে সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ লগত জড়িত হুছেইন আলীক শুকুৰবাৰেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে লগতে গ্ৰেপ্তাৰ কৰিছে দুলাল আলী, ইব্ৰাহিম আলী, মনোৱাৰ বেগমকো। দোকানখনৰ স্বত্বাধিকাৰী আৰমান আলীকো আটক কৰিছে নুনমাটি আৰক্ষীয়ে৷ উল্লেখ্য যে, শুকুৰবাৰে এখন টুলক লৈ আৰম্ভ হোৱা তৰ্কাতকিৰ পাছতে পেগুক চুৰি আৰু ৰডেৰে আক্ৰমণ কৰি হত্যা কৰা হৈছিল।